মোৰ পৰা দূৰ,বহুদূৰ
অথচ মোৰ সাধ্য নহ'ল তেওঁৰ হাতত খামুচি ধৰি
তেওঁক ৰৈ যোৱাৰ দাবী কৰিবলৈ।
মই জানো তেওঁ মোৰ বুকুৰ পৰা
ডুব যোৱা বেলিটোৰ দৰেই লুকাই যাব
আৰু প্ৰতিদানত দি যাব ঘোপ মৰা আন্ধাৰ,
এসময়ত এটি জোনে আহি মোক আশা দিব
তেওঁ নথকাত সুখী হোৱাৰ,
অথচ সুখী হ'ব পাৰিম জানো!
ওহোঁ,নোৱাৰো।
তেওঁ বুকুৰ সমস্ত ভালপোৱা কাঢ়ি নি
ৰুক্ষতা সিঁচি দিলে,
আৰু এতিয়া মোৰ মৰমবোৰ তাতে
কেকটাছ হৈ গজি ৰৈছে।
✍🏻চিন্ময় বৰা।
বিশ্বনাথ চাৰিআলি।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ