ধৰালৈ নামি আহে শাৰদী শৰত,
মায়াবী নীলিমাক মাতাল কৰে
জাকৰুৱা মলয়াৰ মৃদুল হিল্লোলত।
শাৰদী ৰাণীৰ ৰূপৰ পৰশ
পূৰ্ণিমাৰ স্নিগ্ধ আকাশত ভাঁহে,
জোনাকৰ জেউতীত ৰজনীৰ শেৱালিয়ে
সুবাসৰ বিভোৰ তোলে।
সেউজী ধৰণীত সুবাসিত কুসুমৰ
সৌন্দর্য্যৰ সুৰভি মেলা,
কাহিলীপুৱাত নিঁয়ৰে গাঠিছে
দুবৰিত মুকুতাৰ মালা।
শৰতে নাচিছে কঁহুৱাৰ তালত
নিৰিবিলি নদীৰ বালিচৰত,
নীলিম মেঘে পাহি মেলিছে
অপৰূপ আকাশত।
বকুলৰ বুকুত ভোমোৰাই তোলে
মায়াময় মধুৰ গুঞ্জন,
জোনাকী চন্দ্ৰমাৰ ৰূপোৱালী জ্যোতিত
উলাহত মন উচাটন ।
ঋতুৰাণী সৌন্দর্য্য কুঁৱৰী
শ্যামলীমা স্ৰষ্টাৰ মাধুর্য ৰূপৰ,
ঢাক, তাল, মৃদংগই আনিছে আদৰি
শাৰদীয় পূজাৰ বতৰ।
✍🏻পল্লৱ ৰয়।
পূৰ্বজ্যোতি নিগম।
গহপুৰ, বিশ্বনাথ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ