নাকাঢ়ে কোনো বাটৰুৱাৰ মন,
কোনো মৃগয়াৰো নহয় বিচৰণ
নোহোৱা যে সেউজীয়া বন।
ক'তনো হেৰালা ৰূপালী শাৰীখনি
আজি দেখোন উন্মুক্ত দেহা,
কাৰ বাবেনো কৰিছা অপেক্ষা
কটাই আছা উজাগৰি নিশা।
থমকি ৰ'বনে কোনো বাটৰুৱা
তোমাৰ যে সুগন্ধিৰ অভাৱ,
কিয়বা আহিব ভোমোৰা, পখিলা
নাই কোনো ৰসৰ প্ৰভাৱ।
পচোৱা, মলয়াৰ কোবাল সোতত
আজি তুমি সহ্যাসায়িনী,
কাৰনো আশাতে আছা বাট চাই
চকুতে যে পৰিছে ছানি।
তোমাৰ লাৱন্যতাত মেঘালীৰ ইৰ্ষা
অজ্ঞাতে মাৰে জল-বাণ
আলাসতে ৰচা সুখৰ ৰচনা
নিমিষতে হ'ল থানবান।
🖊ফখৰুদ্দিন আলি আহমেদ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ