ক্ষুধা-ৰাহুল চেতিয়া

Rinku Rajowar
0
ৰেস্তোৰাঁ খনৰ সন্মুখত থকা ডাষ্টবিনৰ পৰা  কণমানি ল'ৰা ছোৱালী কেইটাই ৰেস্তোৰাঁ খনৰ পৰা পেলাই দিয়া খাদ্যৰ অৱশিষ্ট বোৰ বুটলি খাই থাকোঁতে লেখক জনৰ ৰেস্তোৰাঁ খনৰ স্বত্বাধিকাৰীৰ ওপৰত ভীষণ খং উঠিল ৷ৰেস্তোৰাঁ খনত গৈ মেনেজাৰজনক দুটামান গালি দিবলৈ তেওঁৰ বৰ মন গ'ল৷ কিন্তু নিদিলে। খাদ্যৰ অভাৱত ভালকৈ খাবলৈ নাপাই ল'ৰা-ছোৱালী কেইটা পুষ্টিহীনতাত ভুগি মলিন হৈ আছে সিহঁতৰ মুখখনি।হয়তো এতিয়ালৈকে সিহঁতে এমুঠিও অন্ন মুখত দিব পৰা নাই।দুৰ্ভগীয়া অনাথ ল'ৰা-ছোৱালী কেইটাৰ প্ৰতি লেখকজনৰ বুকুত প্ৰবল অনুকম্পাৰ সৃষ্টি হ'ল।সঁচাকৈ এদিন সিহঁতক পেট ভৰাই এসাঁজ খুৱাব পৰা হলে.........!

           ✍️ৰাহুল চেতিয়া
          নিলখপুৰ,চিলাপথাৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)