ভালপোৱাৰ অনুভূতি-লক্ষ্যজিত চহৰীয়া

©Admin
0
তোমাৰ ডিপাৰ্টমেন্টৰ সন্মুখত
কৃষ্ণচূড়াৰ তলত পৰ দি থাকো তোমালৈ 
কিজানি তোমাক লগ পাওঁ! 

মই স্বপ্নময় জগতৰ এক প্রেমিক,
ভূগোল বিভাগৰ,
গান গায় ভালপোৱা ছোৱালী জনী ,
তুমি ত্রিবেনী নহয় জানো? 
সিদিনা সুধাকণ্ঠৰ স্মৃতিসৌধত
তুমি গোৱা গীতটো
উফ.....!
   বাঁহীৰৰ সুৰৰ দৰে আজিও
কাণত বাজি আছে, 
তুমি জানানে,
তোমাৰ সেই অনুস্থানটো ম'বাইল ফোনত
ৰেকডিং কৰি, 
সিদিনা গোটেই ৰাতিটো গীত শুনি
উজাগৰে কটালোঁ।
কি যে শুৱলা কণ্ঠ তোমাৰ ,
যেন বহাগৰ কুলি-কেতেকীৰ মাত |

এতিয়া মোৰ স্বপ্নময় নিশাতোৰ
ৰোমমেট তুমি 
           মিছ ত্রিবেনী দুৱাৰা |

              ✍️লক্ষ্য জিত চহৰীয়া,
                  মৰিগাঁও, অসম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)