জীৱন-বিকাশ দাস

©Admin
0
সকলো জীৱৰ জীৱনতকৈ মানৱ জীৱন শ্ৰেষ্ঠ
                প্ৰকৃতিৰ মহান দান মানৱ জীৱন।
   প্ৰতিটো মুহুৰ্ততে জীৱনে আমাক দিয়ে 
                নতুন নতুন জ্ঞানৰ পথৰ সন্ধান ।
                           
  জীৱনে কেতিয়াবা হঁহুৱাব , কেতিয়াবা কন্দুৱাব
           প্ৰতিটো বাধাক নেওচি আগবাঢ়ি যোৱা জন জীৱনৰ ৰ‌‌জা ।
  প্ৰতিটো মুহুৰ্ততে অনুভৱ হয় যে আমাৰ 
         জীৱন হৈ পৰে ফুলশয্যা নতুবা কাঁইটৰ শৰ্য্যা ।
       
        
  আমি সকলোৱে প্ৰকৃতিক সদায় ভালপাওঁ
           কাৰণ আমি সকলোৱে প্ৰকৃতিৰ সন্তান । জীৱন নামৰ যুদ্ধখনত সদায় আগবঢ়াত সহায় কৰে
       কথাৰে শেষ কৰিব নোৱাৰি প্ৰকৃতিৰ গুণ-গান।

বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো জীৱই সৰুৰ পৰা ডাঙৰলৈ
             কৰি আছে যুদ্ধ জীৱনৰ লগত ।
                             
   জীৱন যুদ্ধত পৰাস্ত হৈ হৈ অৱশেষত জয়ী হ'লে
          আনন্দত আত্মহাৰা হয় প্ৰকৃতিৰ বুকুত ।

জীৱন হৈছে প্ৰকৃতিয়ে আমাক
           প্ৰদান কৰা এক সুন্দৰ উপহাৰ ।
  জীৱন যুদ্ধত এবাৰ-দুবাৰ পৰাজয় হ'লেও 
    ‌প্ৰকৃতিৰ মাজত থাকি কেতিয়াও নেলাগে বেজাৰ।
      
   সকলো জীৱৰ মাতৃ তুমি প্ৰকৃতি
            তোমাৰ বুকুতে জীৱৰ জন্ম আৰু মৃত্যু ।
   জীৱন নামৰ চলচ্চিত্ৰৰ পৰিচালক তুমি ।
              প্ৰকৃতি তোমাৰ নিয়ম চিৰন্তন সত্য ।
                       প্ৰকৃতি সদায় অনন্ত ।
                      প্ৰকৃতি তোমাৰ জীৱন ধন্য ।


                                       
                  
✍️বিকাশ দাস
    দ্বাদশ শ্ৰেণী
    বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)