ভগ্ন হৃদয় -ফখৰুদ্দিন আলি আহমেদ

2
অতীতৰ কোনোবা ৰঙীন স্বপ্নত
আপ্লুত আজি মোৰ দেহা মন, 
স্মৃতিৰ সাগৰত খুচৰি খুচৰি
পালোগৈ মোৰ সেই ভঙা নাওখন। 
শেষ সন্ধ্যাত সেইখন নাৱেৰে, 
আগুৱাইছিলো দুয়ো সেইপাত বঠাৰে। 
কতনা হিল্লোলক কৰি মষিমূৰ, 
কল্পিত ৰাগিনীত দুয়ো হৈ বিভোৰ। 
মাতাল সন্ধ্যাৰ সেই ৰিক্ত নদীৰ
ভয়াতুৰ স্ৰোতৰ ছন্দে,
নিৰ্লজ্জতাক কৰি উপহাস
আজিও ৰিণিকি ৰিণিকি কান্দে। 
জোৱাৰ ভাটাৰ অস্থিৰ জলৰাশিত
বিমূৰ্ত পদ্ম ঠাৰিৰ দৰে, 
দৈৰ্ঘ্য-চুটিৰ চাকনৈয়াত পৰি
ঘুৰিছোঁ বাৰম্ববাৰে। 

Post a Comment

2Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment