সুৰুযৰ দৰে-নীল প্ৰজাপতি

©Admin
0
সুৰুযৰ দৰে 
     তুমি আতৰি গ'লে, 
কুৱলী হৈ বাঢ়ি আহে
  হৃদয়ৰ অভিমানবোৰো যে ! 

পলে পলে উৰে মন
  তোমাৰ কাষৰলে, 
     মৰম বোৰ যে
           নিয়ৰ হৈ নিগৰে।
উকা উকা লাগে মোৰ মন
   তোমাৰ এটি হাঁহি নেদেখিলে, 
মনে মোৰ বিচাৰে তোমাক 
   প্ৰতি পল কাষৰতে! 

কিয় এনে হয় অনবৰতে 
      তোমাৰ কথাই কাণত ভাহি থাকে? 

সুৰুযৰ দৰে 
     তুমি আতৰি গ'লে, 
কুৱলী হৈ বাঢ়ি আহে
  হৃদয়ৰ অভিমানবোৰো যে! 


ঘনে ঘনে উৰে মন 
     তোমাৰ ওচৰলে, 
স্মৃতিবোৰো যে দি যায় 
    তোমাৰ ঠিকনা মোক
        হৃদয়ৰ গভীৰ কোণতে। 
সুৰুযৰ দৰে 
     তুমি আঁতৰি গ'লে
কুৱলী হৈ বাঢ়ি আহে
  হৃদয়ৰ অভিমানবোৰো যে! 


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)