প্ৰত্যুত্তৰ-চিন্ময় বৰা

©Admin
0
তেওঁ আহিলে মোৰ পদুলিত 
শেৱালিৰ গোন্ধ বিয়পে, 
সেয়ে এদিন তেওঁক সুধিছিলো, 
"আপুনি বাৰু গাত শেৱালি ঘঁহে
 নেকি?"
প্ৰত্যুত্তৰত মাথো তেওঁৰ ৰঙা হৈ অহা গাল দুখন
লক্ষ্য কৰি ৰৈছিলো। 

তেওঁ আহিলেই এতিয়া হৃদয়ত
জোনাক নামি আহে, 
সেয়ে এদিন তেওঁক সুধিছিলো
"আপুনি বাৰু জোনাক কঢ়িয়াই নেকি?"
প্ৰত্যুত্তৰত মাথো তেওঁৰ মিচিকিয়াই উঠা মুখখন
লক্ষ্য কৰি ৰৈছিলো।।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)