শাৰদীয় সুৱাস-দিপশিখা ৰাজকোঁৱৰ

Rinku Rajowar
0
আঁউসীৰ জোনৰ পোহৰত
শেৱালি ফুলবোৰ ক্ষুদ্ৰতম
মুকুতাৰ দৰে জিলিকে ,
গোমা আকাশখনৰ
মেঘৰ অভিমানী গৰ্জনত 
শেৱালিবোৰ কঁপিবলৈ ধৰে ।
শৰতৰ আমোল-মোল
শেৱালিৰ গোন্ধত 
অভিমানী বৰষুণজাকো
স্থবিৰ হৈ পৰে ।
দোকমোকালি সূৰ্য্যৰ 
ৰক্তিম পোহৰত
বৰ অৱশ হৈ দূবৰি বনত
নিয়ৰৰ সৈতে মৃত্যুৰ কথা পাতে ।
গাঁৱৰ সেই নৈৰ পাৰত
কঁহুৱাবোৰে হালি-জালি নাচে
বতাহেও লাজে লাজে 
এয়াই শাৰদীয় সুৱাস ।

✍🏻দিপশিখা ৰাজকোঁৱৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)