লঙ্গি নুমিট, এটা ভাষাৰ উত্তৰণ-চুমিন্দ্ৰ চৌধুৰী

Rinku Rajowar
0
লাবভ, বাৰ্নষ্টেইন, ট্ৰুডগিল, গাম্পাৰজ আৰু হাইমছ আদিৰ দৰে বিশিষ্ট সমাজ আৰু ভাষাবিদসকলে ভাষা আৰু সমাজৰ মাজত যথেষ্ট গভীৰ সম্পৰ্ক আছে বুলি স্পষ্টভাৱে মতামত পোষণ কৰিছে।  এই সম্পৰ্কে  ভাষাবিদ হাভিলেন্ডে লিখিছিল  যে “ সমাজৰ  প্ৰত্যেকজন সদস্যই নিজৰ ভাৱ প্ৰকাশ কৰিবলৈ ভাষাৰ ব্যৱহাৰ কৰে ,  আৰু এই ক্ষেত্ৰত প্ৰত্যেকখন সমাজে কিছুমান নিজস্ব স্বতন্ত্ৰ সংস্কৃতি মানি চলে ।  দৰাচলতে বক্তা এজনৰ  শ্ৰেণী আৰু মৰ্য্যদাৰ দৰে সামাজিক চলকে  সমাজখনৰ ভাষাৰ  কথনশৈলীৰ আৰু প্ৰকাশ ভংগীক প্ৰভাৱান্বিত কৰে। তদুপৰি মানুহে  তেওঁলোকৰ বাবে অৰ্থবহ কথাবোৰহে যোগাযোগ কৰে । যিখিনি তেওঁলোকৰ বাবে অৰ্থ পূৰ্ণ নহয় সেই খিনি তেওঁলোকে  সংস্কৃতিৰে সংজ্ঞায়িত কৰে। স্বকীয় ভাষাৰ ব্যৱহাৰে নিজৰ সংস্কৃতিক বহু পৰিমাণে প্ৰভাৱান্বিত হয়। ভাষা হৈছে  তথ্য প্ৰেৰণ কৰা আৰু আনৰ সৈতে নিজৰ সংস্কৃতি আৰু ব্যক্তিগত অভিজ্ঞতা ভাগ-বতৰা কৰা এটা মাধ্যম । নিশ্চিত ভাবে একমাত্ৰ ভাষাৰ জৰিয়তেহে আমি আমাৰ চিন্তা,বিশ্বাস আৰু ধাৰণাক  আনে বুজিব পৰা অথৱা বাখ্যা কৰিব পৰা কৈ প্ৰতীকী ৰূপত অনুবাদ কৰিবলৈ সক্ষম হওঁ।"
ওপৰৰ বাখ্যা খিনিয়ে এটা কথা স্পষ্ট কৰি দিছে যে ভাষা সাহিত্য হৈছে এটা জাতিৰ দাপোন স্বৰূপ।ভাষা সাহিত্য আৰু সংস্কৃতিৰ অবিহনে এটা জাতিৰ ভৱিষ্যত অন্ধকাৰ। ভাষা আৰু সংস্কৃতিয়েই হ'ল এটা জাতিৰ মেৰুদণ্ড আৰু আত্মপৰিচয় । এটা জাতিৰ  গৌৰৱ আৰু ঐতিহ্যক বিশ্বৰ দৰবাৰলৈ  লৈ যোৱাৰ বাবে সাহিত্য, কলা আৰু সংস্কৃতি হৈছে সবাতোকৈ উত্তম মাধ্যম । নিজভাষাৰ বিকাশ আৰু প্ৰয়োগে এটা জাতিৰ ভেটি সবল কৰিব পাৰে। 
আজি আমাৰ নিজৰ ভাষাটোৰ অস্তিত্ব এক বিপদজনক পৰিস্থিতিত উপস্থিত হৈছে  । অথচ উগ্ৰ জাতীয়তাবাদৰ নামত ঢাকঢোল বজাই থকা স্বয়ম্ভূ দল সংগঠনৰ নেতা পালি নেতা সকল নিমাত, ৰাজ্য খনৰ শাসনৰ গাদীত থকা সকল নিমাত নিতাল । তেওঁলোকে গ্ৰহণ কৰা উদাসীন স্থিতিৰ বাবে ৰাইজ বিভ্ৰান্ত হৈ পৰিছে । ভাষাটোৰ এই বিপৰ্য্যয়ৰ বেদনাত চটফটাই থকা মাথোন কিছুমান অসহায় মুখৰ সৈতে মুখা মুখি হৈ নিজেও উৎকন্ঠিত হৈছোঁ।  নিজৰেই জাতিৰ সন্তানে ভূমিস্থ হৈয়েই নিজ মাতৃৰ মুখত শুনা ভাষাটোৰ পুলি পোখা উঘালি মষিমূৰ কৰাৰ বাবে মহামান্য আদালতলৈ যোৱা বুলি জানিবলৈ পাই লজ্জিত হৈছোঁ । জাতিৰ জনক সকল ,শাসক সকলৰ লগতে সচেতন নাগৰিক সকলক আহ্বান জনাব বিচাৰিছো আমি সকলোৱেই নিজৰ নিজৰ মুনাফা লাভৰ কথা নাভাবি কমচেকম জাতিটোৰ  মেৰুদণ্ড স্বৰুপ ভাষাটো ৰক্ষাৰ বাবে মাৰবান্ধি ঠিয় দিও আহঁক ।  দুৰদৃষ্টিসম্পন্ন নেতাৰ অভাৱৰ বাবে আমি স্বৰ্গদেউৰ বৰ অসমৰ ভেটি ৰক্ষা কৰিব নোৱাৰিলোঁ।  এতিয়া সময় থাকোতেই যদি নিজৰ মুখৰ মাতষাৰ বচাবলৈ আওকাণ কৰোঁ তেন্তে এদিন ভাষাটোৰ লগতে জাতিটোৰ পৰিচয়ো হেৰুৱাব লাগিব সেইটো ধুৰূপ। 
আজি আপোনালোকক আমাৰ এখন চুবুৰীয়া ৰাজ্যৰ জাতি এটাই কিদৰে একেধাৰে দুশ বছৰ ধৰি  সংগ্ৰাম কৰি  একালত  নিঃশেষ হৈ যোৱা  নিজৰ  মাতৃভাষাক পুনৰোজ্জীৱিত কৰি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ল তাকে  অৱগত কৰাব বিচাৰিম । কাকতালীয় ভাৱে নিজৰ মাতৃভাষাৰ উত্তৰণৰ বাবে এই ৰাজ্যখনৰ শিক্ষিতৰ হাৰো বৃদ্ধি পোৱা বুলি জানিব  পৰা গৈছে । গতিকে ৰাইজেই বিচাৰ কৰিব যে মাতৃভাষা আমাৰ নৱ প্ৰজন্মৰ ভবিষ্যতৰবাবে কিমান গুৰুত্বপূৰ্ন তথা প্ৰয়োজনীয় । 
প্ৰাগৈতিহাসিক বিদ সকলৰ মতে  
খ্ৰীষ্টপূৰ্ব ১৪৪৫ মানত চীন দেশৰ উত্তৰ পশ্চিম অঞ্চলত বসবাস কৰ টাং-চাঙ ৰাজবংশৰ কি নামৰ এটা বিশেষ জনগোষ্ঠীৰ সৰু দলে টাং -জা- লি -লা-পাখাঙ্পা নামৰ নেতা এজনৰ নেতৃত্বত য়াংটজে আৰু চিন্ডউইন  নদী পাৰ কৰি মানদেশৰ  মাজেৰে আহি উত্তৰ পূৱ ভাৰতৰ প্ৰান্তীয় অঞ্চলত উপস্থিত হৈছিল। চীনৰ পৰা প্ৰবজন  কৰা কি জনগোষ্ঠীৰ দলটোৱে ব্ৰহ্ম দেশৰ চোম্ৰা পৰ্বত অতিক্ৰমি  সুদুৰ ভৈয়ামৰ ইৰীল নদীৰ উপত্যকাত বসতি কৰিব লৈছিল।  
পৰবৰ্তীকালত চানামাহী নামৰ এক বিশেষ ধৰ্মত বিশ্বাস কৰা অত্যন্ত পৰিশ্ৰমী আৰু বুদ্ধিমান জনগোষ্ঠীৰ লোকসকলৰ পৰাক্ৰম বৃদ্ধি পাবলৈ ধৰিছিল। 
 কিছু বছৰৰ পাছতে মেইতেই সকলৰ  দলনেতা টাং-জা-লী-লা- পাখাঙ্পাই ইৰীল উপত্যকাৰ পৰা নাতিদূৰত থকা কব্ৰু পৰ্বত মালাৰ  সমীপত ( বৰ্তমানৰ ইম্ফল) বসবাস কৰা বৰ্মা-তিব্বেটো এচিয়েটিক দলৰ  লেই হাও উপজাতিৰ দলনেতাৰ দুহিতা চিনবি লেইমাৰ পানি গ্ৰহণ কৰিছিল। স্থানীয় জনজাতিয় কন্যা চিনবিৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ পাছতে দলনেতা পাখাঙ্পাই ইৰীল নদীৰ উপত্যকাত মেইতেই ৰাজ্য প্ৰতিষ্ঠা কাৰণে উঠিপৰি লাগিছিল । সেই সময়তে পাখাঙ্পা আৰু চিনবি ঔৰসজাত এক পুত্র সন্তানৰ জন্ম হৈছিল । অৱশেষত পাখাঙ্পাৰ পুত্র কাঙবাই খ্ৰীষ্টপূৰ্ব ১৪০৫ শকত পিতৃৰ অভিলাষ পূৰণ কৰি ইৰীল নদীৰ উপত্যকাত প্ৰথমবাৰৰ বাবে মেইতেই ৰাজ্য প্ৰতিষ্ঠা কৰিছিল।  নৱ প্ৰতিষ্ঠিত টিল্লি-ককটং নামৰ এই মেইতেই ৰাজ্য খনৰ ৰাজধানী য়ুমফুলৰ নাতিদূৰৈৰ ওৱাৰৈচিঙত  নিংথৌ (ৰজা) কাঙবাই  কুল দেৱতা চানামাহীৰ পূজা উপাসনাৰ বাবে এটা সুন্দৰ লাই -য়ূম (মন্দিৰ) বনাইছিল। আনহাতে ইৰীল নদীৰ উপত্যকাত টিল্লি ককটং ৰাজ্য প্ৰতিষ্ঠা কৰা হৈছিল তথাপিও ৰাজ্যবাসীয়ে পানীৰ নাটনি ভুগিব লগীয়া হৈছিল। সেয়েহে নিংথৌ কাঙবাই ৰাজধানী য়ুমফুলৰ পৰা কিছু কোষ দুৰত থকা এটা বিশাল হ্ৰদক ল'কটাক ( ল'ক মানে পানী আৰু টাক মানে বিশাল) নামকৰণ কৰি  খাল খান্দি তাৰ পানী ৰাজধানীলৈ বোৱাই আনিছিল।  নিংথৌ কাঙবাই পোন প্ৰথমবাৰৰ বাবে চাগল কাঙ জাই অৰ্থাত ঘোৰাত উঠি খেলা প'লো খেলৰ প্ৰবৰ্তন কৰিছিল।  নিংথৌৰ মৃত্যুৰ পাছত খ্ৰীষ্টপূৰ্ব ১৩৫৯ শকত তেওঁৰ পুত্ৰ কৈ-কৈয়ে টিল্লি ককটংৰ শাসনভাৰ হাতত তুলি লৈছিল।  নিংথৌ কৈ-কৈয়েই পোন প্ৰথমবাৰৰ বাবে মাৰি ফাম অৰ্থাত মেইতেই কেলেণ্ডাৰ ( চেৰাওবা) প্ৰবৰ্তন কৰিছিল।

      এটা জাতিৰ বিকাশৰ বাবে নিজৰ মাতৃভাষাৰ বহুত গুৰুত্বপূৰ্ণ ভুমিকা থাকে। মেইতেই নামেৰে পাছত পৰিচিত হৈ টিল্লি ককটংৰ বাসিন্দা সকলেও এইকথাটো বহুত ভালদৰে বুজিব পাৰিছিল। সেয়েহে শাসক সকলৰ লগতে তেওঁলোকেও নিজৰ ভাৱ
বিনিময়ৰ বাবে ব্যৱহাৰ কৰা  বৰ্মা-তিব্বেটো মূলৰ মেইতেই ভাষাটো আৰু মেইতেই মেয়েক লিপিৰ বিকাশ সাধনৰ বাবে যৎপৰোনাস্তি প্ৰয়াস কৰিছিল । যদিও ছয় খ্ৰীষ্টাব্দ মানৰ পৰাহে মেইতেই ভাষাৰ লিপি মেইতেই মায়েকৰ প্ৰচলনৰ প্ৰমাণ পোৱা যায় তথাপিও প্ৰাগৈতিহাসিক বিদ সকলৰ মতে ৱাকোক্লন হিলেল থিলেন চালাই আমাইলন পুকোক পুয়া, চমুকৈ "ৱাকোক্লন" (খ্ৰীষ্টপূৰ্ব ১৩৯৮) নামৰ গ্ৰন্থখনেই মেইটেই ভাষাত লিপিৱদ্ধ  আটাইতকৈ পুৰণি গ্ৰন্থসমূহৰ ভিতৰত অন্যতম  গ্ৰন্থ বুলি গণ্য কৰা হয়।  এই গ্ৰন্থ খনতেই দৰ্শন, বিজ্ঞান আৰু ধৰ্মৰ ওপৰত বাখ্যা কৰা হৈছিল । মুঠৰ ওপৰত ক'বলৈ গলে মেইতেই ভাষাটো দেৱনাগৰী ভাষাৰ দৰেই ঐতিহ্যমণ্ডিত আৰু সমৃদ্ধশালী ভাষা।  সেই প্ৰাগৈতিহাসিক কালতেই মেইতেই ভাষাত ৰচিত হৈছিল বিভিন্ন তন্ত্ৰ ,মন্ত্ৰ , যাদু বিদ্যা , জ্যোতিষ বিদ্যা আৰু দৰ্শনৰ প্ৰায় চল্লিছ হাজাৰখন পুইয়া অৰ্থাত পাণ্ডু লিপি আৰু নিংথৌ কাঙবালন,চেইথাৰ'ল কুমবাবা, নিংথৌৰল লুম্বাবা,পৈইৰেইটন খুনঠোকপা, পানঠইবি খোংকোল নামৰ কেইবাজনো ৰজা মহাৰজাৰ  ইতিহাস সম্বলিত বুৰঞ্জীৰ পুথি। 
   নিংথৌ কাঙবাৰ পাছত সূদীৰ্ঘ চাৰে তিনিহেজাৰ বছৰ এই মেইতেই ৰাজ্য খনৰ শাসনভাৰ এশ আঠজন শাসকৰ হাতলৈ গৈছিল আৰু তেওঁলোকৰ শাসন কালচোৱাত মেইতেই একমাত্ৰ ৰাজ্যভাষা হিচাপে প্ৰতিষ্ঠিত হৈছিল। 
ইয়াৰ মাজতে খ্ৰীষ্টপূৰ্ব ৯৩৪শকৰ পৰা খ্ৰীষ্টপূৰ্ব ৪৪ শকলৈ উপযুক্ত শাসকৰ অভাৱত শাসক বিহীন মেইতেই ৰাজ্যখন বিধস্ত হৈ পৰিছিল। তথাপিও মেইতেই সকলে নিজৰ ভাষা আৰু সংস্কৃতিক এৰি দিয়া নাছিল।  সেই  সময়তো ৰচিত হৈছিল চেইথাৰ'ল কুমবাবা। মুঠৰ ওপৰত সেই সময়তো ভাষা আৰু সংস্কৃতি আছিল মেইতেই সকলৰ আত্মা । 
 মেইতেই ৰাজ্যৰ ৰাজনৈতিক ইতিহাসৰ  সবাতোকৈ গুৰুত্বপূৰ্ণ সময় হৈছে ৩৩ খ্ৰীষ্টাব্দৰ পৰা ১০৭৪ খ্ৰীষ্টাব্দলৈ পৰিচিত নিংথৌজা ৰাজবংশৰ শাসনকাল আৰু ১০৭৪ খ্ৰীষ্টাব্দৰ পৰা ১৮১৯ খ্ৰীষ্টাব্দলৈ বাহাল থকা কাংলেইপাক ৰাজ বংশৰ শাসনকাল। যীশুখ্ৰীষ্টৰ মৃত্যুৰ তেত্ৰিশ বছৰ পাছত নঙটা লাইৰেন পাখাঙবাই মেইতেই ৰাজ্যখন কাংলেইপাঙমাৱল নামেৰে নামাকৰণ কৰি ৰাজ্যৰ ৰাজধানী নামনিৰ ইম্ফল  নদীৰ পাৰৰ দ অঞ্চললৈ স্থানান্তৰ কৰি নিংথৌজা ৰাজবংশৰ শাসনৰ পাতনি মেলিছিল।  ৰজা নঙটা লাইৰেন পাখাঙবাই নিৰ্মাণ কৰা প্ৰসিদ্ধ ৰাজমহলটোৰ নাম ৰাখিছিল কাংলা অৰ্থাত শুকান মাটি । পৰবৰ্তীকালত এই নিংথৌজা ৰাজবংশৰ ওঠৰজন ৰজাই প্ৰায় এহেজাৰ বছৰ ৰাজত্ব কৰা পাছত ১০৭৪ খ্ৰীষ্টাব্দত খৰজা লয়ুম্বাই মেইতেই ৰাজ্যৰ শাসনভাৰ হাতত তুলি লৈছিল । পৰাক্ৰমী লয়ুম্বা আছিল কাংলেইপাক ৰাজবংশৰ প্ৰথমজন ৰজা। কিম্বদন্তিত মেইতেই ৰাজ্যখন কাংলেইপাক নামেৰে নামাকৰণ কৰি ৰজা লয়ুম্বাই পোন প্ৰথমবাৰৰ বাবে এখন লিখিত সংবিধান ৰচনা কৰিছিল।  অনাৰ্য্য মেইতেই ভাষাত ৰচনা কৰা এই সংবিধান খনৰ পুইয়া ( পাণ্ডুলিপি )ক লয়ুম্বা চিন্যেন বুলি নামাকৰণ কৰা হৈছিল। ভাৰতবৰ্ষৰ উত্তৰ পুৰ্বাঞ্চলৰ সেইখনেই সৰ্বপ্ৰথম লিখিত সংবিধান বুলি জানিব পৰা যায় ।
এইটো চিৰ সত্য যে নিজৰ মাতৃভাষাৰ বিপৰ্য্যয়ৰ লগে লগে এটা জাতিৰ দূৰ্দশা আৰম্ভ হয়, জাতিটোৰ অস্তিত্বৰ প্ৰতি ভাবুকি নামি আহে। 
আজিৰ লেখাটোৰ প্ৰসংগৰ লগত সংগতি ৰাখি  আপোনালোকক বিখ্যাত কাংলেইপাক  ৰাজবংশৰ এজন অদুৰদৰ্শী ৰজাৰ কথা অৱগত কৰাব বিচাৰিম।  যিজন ধৰ্মান্ধ ৰজাৰ নিজৰ অভিমান আৰু আত্মতৃপ্তিৰ বাবে কাংলেইপাক ৰাজ্যৰ ঐতিহাসিক ভাৱে সমৃদ্ধ মেইতেই ভাষাটো ধ্বংসপ্ৰাপ্ত হৈ পৰিছিল।  
লয়ুম্বাৰ আঠত্রিশ বছৰ শাসনকালৰ অন্তত  পৰবৰ্তী  আঠশ ত্ৰিশ বছৰত সৰ্বমুঠ পঞ্চাশ  জন ৰজাই কাংলেইপাক ৰাজ্যখন শাসন কৰিছিল। এই আঠশ ত্ৰিশ বছৰ কালত কাংলেইপাক ৰাজ্যখনৰ সীমা বৰাক উপত্যকাৰ পৰা ত্ৰিপুৰাৰ সীমান্তৱৰ্তী অঞ্চল আৰু গৌড় ৰাজ্যৰ চিলেটলৈ সম্প্ৰসাৰণ হৈছিল।  সেই সময়ৰ  মান আৰু চীনৰ দৰে শক্তিশালী দেশে উপৰ্য্যুপৰি আক্রমণ কৰিও পৰাক্রমী কাংলেইপাক ৰাজ্যখনৰ একো বিশেষ ক্ষতি কৰিব পৰা নাছিল।  অন্যহাতে চুবুৰীয়া আহোম, চুতীয়া, লুচাই, নাগা  খাচি আৰু জয়ন্তীয়া ৰজা সকলৰ সৈতে কাংলেইপাক ৰাজ্যৰ মধুৰ সম্বন্ধ আছিল।আহোম ৰজা ৰাজেশ্বৰ সিংহই  কাংলেইপাক ৰজা জয় সিংহৰ জীয়ৰী কুৰঙ্গনয়নীৰ পানি গ্ৰহণ কৰিছিল বুলিও বুৰঞ্জীত উল্লেখ আছে। 
গৌড় ৰাজ্যলৈ কাংলেইপাক  বিস্তাৰিত হোৱাৰ পাছত দুয়োখন ৰাজ্যৰ মানুহৰ মাজত আহযাহ আৰু বেপাৰ বাণিজ্য আৰম্ভ হ'বলৈ ধৰিছিল। 
সেইয়া ১৭১১ খ্ৰীষ্টাব্দ মানৰ কথা হ'ব । সেই সময়ৰ কাংলেইপাক ৰাজ্যৰ বিশ বছৰ বয়সৰ ৰজা পামহেইবাৰ ৰাজ সভাত এদিনাখন গৌড় ৰাজ্যৰ নৱদ্বীপৰ এজন বৈষ্ণৱ ভকত আহি উপস্থিত হৈছিল। শান্তিদাস গোসাঁই খ্যাত  ভকত জনৰ সুন্দৰ কন্ঠৰ বাউল আৰু কীৰ্ত্তনৰ ৰাগিনী শুনি ডেকা ৰজা পামহেইবা আকৃষ্ট হৈ পৰিছিল।  বৈষ্ণৱ ভকত শান্তি দাসে কোমল বয়সীয়া ৰজা পামহেইবা  হিন্দু ধৰ্মৰ প্ৰতি আকৰ্ষিত হৈ পৰাৰ উমান পাই তেওঁক উদ্বুদ্ধ কৰিবলৈ  "বিজয় পাচলি" নামৰ এখন পুথি ৰচনা কৰিছিল।  এই পুথিখনতেই ভকত শান্তিৰাম দাসে কাংলেইপাক ৰাজ্যখনক  মহাভাৰতৰ অৰ্জুনৰ সন্তান বব্ৰুবাহনৰ দেশ মনিপুৰ বুলি পোন প্ৰথমবাৰৰ বাবে উল্লেখ কৰিছিল ।  লগতে মেইতেই জাতিৰ জনক খ্যাত নঙদা লাইৰেন পাখাঙবাক এই গ্ৰন্থখনত  
অৰ্জুনৰ পুত্র বব্ৰুবাহন বুলি উপস্থাপন কৰিছিল।
সেই সময়ত কাংলেইপাক ৰজা পামহেইবা অতি পৰাক্ৰমী আছিল। তেওঁৰ আঠজনী গাভৰু পত্নী আছিল বুলিও জনা গৈছিল।  পাছে ৰজা পামহেইবা কুলদেৱতা চানামাহীৰ পূজা পাৰ্বনৰ প্ৰতি ধাউতি নাছিল।  কিন্ত ৰজা পামহেইবা এজন সুচতুৰ যুঁজাৰু আছিল আৰু তেওঁৰ শাসনকালত  কাংলেইপাক ৰাজ্যখনৰ সীমা পূবৰ কবৌ উপত্যকাৰ পৰা পশ্চিমৰ নংনাঙ( কাছাৰ) আৰু টাখেল ( ত্ৰিপুৰা) আৰু গৌড়ৰ চিটং( চিটাগন্জ) লৈ বিয়পি পৰিছিল। কিন্ত বৈষ্ণৱ ভকত শান্তিদাস গোসাঁইৰ সান্নিধ্যত আহি পামহেইবা চানামাহী ধৰ্মৰ পূজা উপাসনা ত্যাগ কৰি  কাংলেইপাক ৰাজ্যখনৰ নাম মনিপুৰলৈ সলনি কৰাৰ লগে লগে জনবিক্ষোভৰ উদগীৰণ হৈছিল যদিও ৰজা পামহেইবাই কঠোৰ হাতেৰে তাক দমন কৰি দেশৰ জনতাক  স্থানীয় চানামাহী ধৰ্ম ত্যাগ কৰি ততালিকে বৈষ্ণৱ ভকত শান্তিদাস গোসাঁইৰ ওচৰত দীক্ষা গ্ৰহণ কৰিবলৈ হুকুমজাৰি কৰিছিল।  ১৭২৪ খ্ৰীষ্টাব্দৰ বিশ মাৰ্চ তাৰিখৰ দিনাখন ধৰ্ম পৰিবৰ্তনৰ নামত উন্মাদ হৈ পৰা ৰজা পামহেইবাৰ নিৰ্দেশত ৰাজধানী য়ুমফুলৰ ওচৰে পাজৰে থকা পূৰ্ব পুৰুষৰ কবৰস্থান ( লুপুং) সমূহ খান্দি উলিয়াই হিন্দু পৰম্পৰাগত ৰীতি-নীতিৰে নিংঠি টুৰেণ নদীৰ পাৰত দাহ সৎকাৰ কৰা হৈছিল। ৰাজ্যত কুকুৰা আৰু গাহৰিৰ পশুপালনত নিষেধাজ্ঞা জাৰি কৰা হৈছিল । পৰম্পৰাগত মেইডিঙ্গু আৰু নিংথৌৰ  পৰিবৰ্তে সকলো প্ৰজা পৰিষদক পামহেইবাই তেওঁক মহাৰাজ বুলি সম্বোধন কৰিবলৈ আদেশ জাৰি কৰিছিল।  
অৱশেষত ১৭৩৪ খ্ৰীষ্টাব্দৰ তিনি অক্টোবৰৰ শাৰদীয় সন্ধিয়া মহাৰাজ পামহেইবাৰ কঠোৰ নিৰ্দেশত মনিপুৰৰ নিৰীহ জনতাৰ কন্ঠ ৰুদ্ধ কৰি চানামাহী ধৰ্মৰ শ শ বছৰ প্ৰাচীন সকলো পবিত্ৰ গ্ৰন্থ আৰু চেইথাৰ'ল কুমবাবা ( বুৰঞ্জী পুথি )ৰ পাণ্ডুলিপি অৰ্থাত পুয়া সমুহ একত্রিত কৰি অগ্নি সংযোগ কৰি দিয়া। মহাৰাজ পামহেইবাৰ আবেগিক নিৰ্দেশত জ্বলাই দিয়া  মেইতেই ভাষাত ৰচনা কৰা হেজাৰ হেজাৰ এই পুয়া সমুহ  জ্বলি নিঃশেষ পৰাৰ লগে লগে   হেজাৰ হেজাৰ বছৰ পুৰণি এটা সমৃদ্ধিশালী জাতিৰ সত্বা, পৰিচয় আত্মা আৰু অভিমানৰো অৱসান ঘটিছিল । সেই ৰাতিয়েই ৰজা পামহেইবাই মেইতেই ভাষাৰ লিপি মেইতেই মেয়েক নিষিদ্ধ কৰি বঙালী ভাষাৰ লিপিক মেইতেই ভাষাৰ লিপি হিচাপে বলবৎ কৰিছিল । ৰজাৰ এই বলপূৰ্বক সিদ্ধান্তৰ বিৰোধিতা কৰা বাবে সেই অভিসপ্ত নিশা বহু কেইজন মৈচোৱাচ অৰ্থাত বিদ্বান মেইতেই পন্ডিতক শিৰচ্ছেদ কৰি আন কেইজনমানক দেশান্তৰিত কৰিছিল। ইমানতেই শান্ত নাথাকি ৰজা পামহেইবাই চানামাহী ধৰ্মৰ  আচিবা,  অপনবা, আটিকঙ,লেইমাৰেল চিদাবি আৰু ইময়নু অহংবি দেৱ-দেৱীৰ মন্দিৰ সমুহ ধ্বংস কৰি পেলাবলৈ আদেশ দিছিল। এই দিনটো আছিল কাংলেইপাক ৰাজ্যত বসবাস কৰা মেইতেই সকলৰ বাবে এটা ক'লা দিন, নিজৰ আত্মপৰিচয় হেৰুৱাই পেলোৱা এটা অভিসপ্ত দিন। সেই দিনটোক আজিও মনিপুৰত পুয়া মেইথাবা বুলি স্মৰণ কৰা হয়। 
  
পুয়া মেইথাবাৰ পাচঁ বছৰ পাছত অৰ্থাত ১৭৩৭ খ্ৰীষ্টাব্দত ৰজা পামহেইবাই নিজৰ নাম পাৰ্চী দাৰ্শনিক গৰীব নৱাজলৈ পৰিবৰ্তন কৰি বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰি মনিপুৰ ৰাজ্যক এখন হিন্দু ৰাজ্য বুলি ঘোষণা কৰিছিল। ৰজাৰ এই ঘোষণাৰ লগে লগে কাংলেইপাক ৰাজ্যৰ প্ৰাচীন চানামাহী ধৰ্ম দৰ্শনৰ সূৰ্য্য অস্তমিত হৈ পৰিছিল। ফলশ্ৰুতিত মনিপুৰবাসীয়ে লাহে লাহে নিজৰ প্ৰাচীন সমৃদ্ধশালী মেইতেই ভাষাটো এলাগী  কৰি বাঙলা ভাষাৰ ভাষা ব্যৱহাৰ কৰিব ধৰিছিল আৰু ওঠৰ শতিকাত বাঙলা ভাষাৰ প্ৰাধান্যতা বৃদ্ধি পাবলৈ ধৰিছিল। আনহাতে ১৮৯১ খ্ৰীষ্টাব্দত বৃটিছৰ সৈতে সংঘটিত হোৱা সংঘৰ্ষৰ পাছত মনিপুৰ ৰাজ্যৰ শাসনভাৰ বৃটিছৰ  আমোললৈ যোৱাৰ বাবে বঙালীৰ লগে লগে ইংৰাজী ভাষাৰ প্ৰচলন বৃদ্ধি পোৱাৰ লগে লগে মেইতেই ভাষাৰ ব্যৱহাৰ আৰু কমিবলৈ ধৰিছিল। এককথাত ক'বলৈ গলে ৰজা পামহেইবাৰ মূৰ্খালিৰ বাবে এক কালৰ তেজোদ্দীপ্ত মেইতেই ভাষাটো বিদেশী ভাষাৰ অগ্ৰাসনৰ কবলত পৰি নিজৰেই গৃহভূমিত মৃতপ্ৰায় হৈ পৰিছিল। 
নিজৰ মাতৃভাষা হেৰুৱাই বিধস্ত হৈ পৰা মনিপুৰবাসীয়ে লাহে লাহে 
বুজি পাবলৈ ধৰিছিল যে নিজৰ ভাষা অবিহনে এটা জাতিৰ অকণো অস্তিত্ব আৰু মৰ্য্যদা নাথাকে । সেয়েহে ১৯২০ চন মানৰ পৰা মনিপুৰ বাসীয়ে  দুশবছৰ আগতেই হেৰুৱাই পেলোৱাইতিহাস আৰু ভাষাটোৰ পুনৰুদ্ধাৰ বাবে চিন্তা চৰ্চা আৰম্ভ কৰিছিল। ইয়াৰ ঠিক এটা দশক পাছত ১৯৩০ চনত কাচাৰ জিলাৰ নাওৰীয়া ফুলো নামৰ এজন মণিপুৰী লোকে আকোপা মাৰুপ নামৰ চানামাহী ধৰ্ম চৰ্চাৰ বাবে এখন টোল প্ৰতিষ্ঠা কৰি মেইতেই ভাষা আৰু সংস্কৃতিক পুনৰোজ্জীৱিত কৰাৰ প্ৰয়াস কৰিছিল । সেইয়াই আছিল মেইতেই ভাষা আৰু চানামাহী ধৰ্ম পুনৰুত্থানৰ বাবে কৰা আনুষ্ঠানিক সংগ্ৰামৰ আৰম্ভণি । লাহে লাহে নাওৰীয়া ফুলোৰ একক প্ৰচেষ্টাক সঁহাৰি জনাই বিভিন্ন দল সংগঠন গঢ়ি তুলি মণিপুৰী সকলে ধ্বংসপ্ৰাপ্ত হৈ পৰা মেইতেই ভাষাটোক পুনৰোজ্জীৱিত কৰা সংগ্ৰামৰ জপিয়াই পৰিছিল।  
ইয়াৰ লগতে বঙালী বৰ্ণমালাৰ সলনি প্ৰাচীন মেইতেই মায়েক লিপিৰে ভাষা চৰ্চা কৰাৰ জন জাগৰণৰ আৰম্ভ হৈছিল। 
পৰবৰ্তী সময়ত মেইতেই ভাষাক মনিপুৰৰ প্ৰধান ৰাজ্য ভাষা আৰু ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ বাবে দাবী টোলৈ হৈছিল। প্ৰায় চাৰি দশক ধৰি চলা মনিপুৰী সকলৰ  এই ভাষা আন্দোলনক দুটা পৰ্যায়ত ভাগ কৰিব পাৰি। 
 ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত মণিপুৰী ভাষাক অন্তৰ্ভুক্ত কৰাৰ বাবে  ১৯৫৩ৰ পৰা ১৯৮৯লৈ  হোৱা প্ৰথম পৰ্যায়ৰ আন্দোলনত বিভিন্ন স্বেচ্ছাসেৱী দল সংগঠনে এক জন-আন্দোলনৰ সূচনা কৰিছিল। ১৯৫৩ চনত পোন প্ৰথমবাৰৰ বাবে মণিপুৰত মণিপুৰী ভাষাক ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত স্বীকৃতি বা অন্তৰ্ভুক্তিৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল।   ১৯৩৫ চনত প্ৰতিষ্ঠিত মণিপুৰী সাহিত্য পৰিষদ, ইম্ফলৰ ১৯৬৩ চনত হোৱা এখন বিশেষ বৈঠকত মণিপুৰী ভাষাক অষ্টম অনুসূচীত স্বীকৃতি দিয়াৰ বাবে এক প্ৰস্তাৱ গ্ৰহণ কৰি  ৰাজ্যৰ লগতে কেন্দ্ৰীয় চৰকাৰকো হেঁচা দিছিল ।  সেই সময়ত মণিপুৰৰ পৰা আন বহুতো স্বেচ্ছাসেৱী সংগঠন আৰু সংঘ যেনে (ঠ)মণিপুৰী সাহিত্য পৰিষদ, ইম্ফল (২)সদৌ মণিপুৰ ছাত্ৰ সন্থা (আমছু), (৩) নাহৰল সাহিত্য প্ৰেমী সমিতি,(৪)সাংস্কৃতিক মঞ্চ, (  শ) শিক্ষক মঞ্চ, (৬) ইউনিভাৰ্চেল লিটাৰেৰী এছ’চিয়েচন, (৭) ইপাথাউকক আৰু (৮) অখিল ভাৰতীয় যুৱ ফেডাৰেচন আদি এই আদি সংগঠনেও এই আন্দোলনত অংশগ্ৰহণ কৰিছিল।
অসমতো বিভিন্ন মনিপুৰী স্বেচ্ছাসেৱী সংগঠন আৰু সংঘ যেনে (১) মণিপুৰী সাহিত্য পৰিষদ, অসম, (২) সদৌ অসম মণিপুৰী ছাত্ৰ সন্থা, অসম, (৩) থাউগান মাৰুপ, জাফিৰবন্দ, (৪) সদৌ অসম মণিপুৰী মহিলা কল্যাণ  এছ'চিয়েচন, (স) দ্য নাহৰল খোৰিৰল চিল্লুপ, লখিমপুৰ, (৬) প্ৰগতিশীল যুৱ মৰ্চা, লখিমপুৰ, (৭) সদৌ অসম মণিপুৰী যুৱ সন্থা, (৮) অসম প্ৰদেশ মণিপুৰী যুৱ সন্মিলন, (৯) মণিপুৰী সাহিত্যিক মঞ্চ, (  ১০) সদৌ অসম মণিপুৰী সন্থা আৰু (১১) সদৌ মণিপুৰী ব্লিয়াশা পৰিষদ ইত্যাদি সংগঠনে ইয়াৰ বিপুল দাবী তুলিছিল। লগতে 
 সেই সময় চোৱাতে মণিপুৰ আৰু  অসমক বাদেও, ত্ৰিপুৰা আৰু মেঘালয় ৰাজ্য আদিৰ পৰা ওপৰোক্ত বহু সংগঠনে মণিপুৰী ভাষাক অষ্টম অনুসূচীত স্বীকৃতি দিয়াৰ বাবে — ৰাজহুৱা সভা, আলোচনা চক্ৰ আৰু  শোভাযাত্ৰা আদিৰ দ্বাৰা গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আন্দোলনৰ ধাৰাবাহিকতা আৰম্ভ কৰিছিল।  
    ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত মণিপুৰী ভাষাক অন্তৰ্ভুক্ত কৰাৰ বাবে ১৯৮৯ৰ পৰা ১৯৯২লৈ চলা দ্বিতীয় পৰ্যায়ৰ আন্দোলনত মণিপুৰী ভাষা চাহিদা সমন্বয় সমিতি আৰু  উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যৰ বিভিন্ন দল সংগঠন একত্রিত হৈ এখন বিশেষ পৰিষদ গঠন কৰি এক বিশাল আন্দোলনৰ পাতনি মেলিছিল।  দ্বিতীয় পৰ্যায়ৰ এই আন্দোলন প্ৰথম পৰ্যায়ৰ আন্দোলনৰ পৰা একেবাৰে পৃথক আছিল। 
দ্বিতীয় পৰ্য্যায়ৰ এই আন্দোলনত স্বেচ্ছাসেৱী ভাষা-সংষ্কৃতিৰ দল সংগঠন সমূহৰ লগতে বিভিন্ন ৰাজনৈতিক দল- (১) মণিপুৰ পিপলছ পাৰ্টি,
 (২) জনতা দল, (৩) কংগ্ৰেছ(সমূহ), (৪) নেচনেল পিপলছ পাৰ্টি, (স) ভাৰতীয় জনতা পাৰ্টি, (৬) ভাৰতীয় কমিউনিষ্ট পাৰ্টি, (৭) ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী), (৮)  কংগ্ৰেছ(১) আৰু কুকি ৰাষ্ট্ৰীয় বিধানসভা আৰু
  উত্তৰ-পূব অঞ্চলৰ অন্যান্য ঠাইত  বিশেষকৈ মণিপুৰ, অসম আৰু ত্ৰিপুৰাৰ মণিপুৰী বাসিন্দা সকলে পৃথক পৃথক ভাৱে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰলৈ স্মাৰক পত্ৰ প্ৰদান কৰি বিভিন্ন ৰূপত নায্য দাবী উত্থাপন কৰিছিল। অৱশেষত  মণিপুৰী সাহিত্য পৰিষদ, ইম্ফল, মণিপুৰী সাহিত্য পৰিষদ, অসম, মণিপুৰী সাহিত্য পৰিষদ, ত্ৰিপুৰা, মণিপুৰী যুৱ লীগ,সদৌ মণিপুৰ ছাত্ৰ সন্থা (  আমছু), মণিপুৰী ভাষা দাবী সমন্বয় সমিতি (এম এল ডি চি চি), এন ই, সদৌ অসম মণিপুৰী ছাত্ৰ সন্থা(আমছু), অসম আৰু বিভিন্ন ৰাজনৈতিক দল যেনে মণিপুৰ পিপলছ পাৰ্টি, জনতা দল, কংগ্ৰেছ(সমূহ), ৰাষ্ট্ৰীয় পিপলছ পাৰ্টি, ভাৰতীয় জনতা  পাৰ্টি, ভাৰতীয় কমিউনিষ্ট পাৰ্টি, ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী), কংগ্ৰেছ(১) আৰু কুকি ৰাষ্ট্ৰীয় বিধানসভা আদি উত্তৰ পূৰ্বাঞ্চলৰ সংগঠন আৰু মণিপুৰী সকলৰ বিপুল দাবীৰ প্ৰতি সহাঁৰি জনাই তদানীন্তন ভাৰত চৰকাৰে ১৯৯২ চনৰ ২০ আগষ্ট,  তাৰিখে মণিপুৰী ভাষাক  ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভুক্ত কৰিছিল।
 প্ৰায় চাৰি দশক ধৰি চলা এই ঐতিহাসিক ভাষা আন্দোলনৰ বিজয় দিৱসৰ এই দিনটো প্ৰতি বছৰে মনিপুৰ বাসীয়ে লঙ্গি নুমিট অৰ্থাত ভাষা দিৱস বুলি মনিপুৰী সকলে পালন কৰি আহিছে । লঙ্গি নুমিট এটা বিজয় উদযাপনৰ দিনেই নহয় ই আমাৰ বাবে এক জ্বলন্ত উদাহৰণো।  নিজৰ আইৰ মুখৰ  মাতষাৰ হেৰুৱাই ভুগিব লগা বেদনা কিমান আমি মনিপুৰী সকলৰ পৰা অনুধাৱন কৰা উচিত।  আমাৰ ৰাজ্য চৰকাৰ, দল সংগঠনে নিজৰ নিজৰ স্বাৰ্থ আৰু সুবিধাৰ খাতিৰত জাতিটোৰ ভাষাটোক যেন ধ্বংসৰ মুখলৈ ঠেলি নপঠাই।  ইতিমধ্যেই বহু শ্বহীদৰ তেজ আৰু ঘামৰ প্ৰতিদান স্বৰূপে ঘুৰাই পোৱা পৃথিৱীৰ সুৱদি মাতৃভাষাটোৰ যাতে আৰু বিপৰ্য্যয় নহয় তাৰ বাবে আমি সকলোৱেই একগোট হোৱাৰ সময় আহি পৰিছে।  গতিকে আহঁকছোন আমি সকলোৱেই যথা শক্তি আৰু সামৰ্থ্যৰে নিজৰ মুখৰ মাতষাৰ বচোৱাৰ বাবে সাধ্যাতীত অৱদান আগবঢ়াই যাওঁ অন্যথা আমিও এদিন নিজৰ মাতৃভাষাক হেৰুৱাই এটা পৰিচয় বিহীন জাতি হৈ পৰিব লাগিব। 

ধন্যবাদ। 

▪️ চুমিন্দ্ৰ চৌধুৰী
সাহিত্য অভিযন্তা
নয়ডা,উত্তৰ প্ৰদেশ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)