বিচাৰি ফুৰিছো মই
তোমাক নিষ্প্ৰদিপ, অন্ধকাৰময়
জীৱন নামৰ ঘন জংঘলত ।
কেতিয়াবা চাকি,
ধূপ আৰু মমৰ পোহৰত
অধ্যৱসায়, ধ্যান আৰু আত্মবিশ্বাসেৰে ।
ক্লান্ত আজি মই,
মনত পৰিছে মোৰ
তাহানিৰ কথাবোৰ ,
লয়হীন,ৰূপহীন ,
অসীম অনন্ত
তুমি আহিবানে মোৰ জীৱনত?
তাহানি জাগি উঠিছিল এই প্ৰশ্ন
দূৰ্ভাগ্যজনক পৰিস্থিতি এতিয়া মোৰ
নাজানো মই
বাৰু কোন তুমি?
দিগন্তৰ ইপাৰে,
মহাকাশৰ সিপাৰে
গৈছিলো মই তোমাক বিচাৰি
ভাগৰুৱা মই,
নাপালোঁ সন্ধান তোমাৰ
পালোঁ মাথোঁ
অন্তহীন মহাকাশ।
এইবেলি মই তোমাৰ সমাহিত
তুমি আদি নে অন্ত,
বাৰু কোন তুমি??
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ