কবি-ছাব্বিৰ আহমেদ

©Admin
0
কবিতা লিখিলেই জানো
 কবি নাম পায় ?
 তেওঁৰ কবিতাত যদি
 ভাব-ভাষাই নাই ।

 বাস্তৱিক-কাল্পনিক
 অজস্ৰ কাহিনীক
 কাব্যৰ ৰসেৰে যদি 
 ছন্দত বান্ধি, 
 পাঠকৰ মন মুহি
 মগজুত পৰশ সানি 
 সৃষ্টি কৰে যদি
 কাব্য সুঁতি
 সেই কাব্যৰ গৰাকীয়েই
 এজন কবি ।

 বেবেৰিবাং কথা লিখি
 অৰ্থহীন কাব্য ৰচি, 
 সাহিত্যত নাম লয় 
 জনপ্ৰিয় কবি । 

 আৰম্ভ ইয়াত কৰি
 অন্ত ক'ৰবাত,
 পুৱতিৰ কবিতাত আকৌ
 বিয়লি বিলাপ ।

 অৰ্থহীন কবিতা লিখি, 
 সহস্ৰ বঁটা লভি,
 একাংশ কবি আজি
 টকাৰে বলী । 

 ক'ব খোজা নাই যে
 মই এজন কবি,
 অৰ্থহীন কবিতাৰ হয়তো
 ময়ো গৰাকী । 
 অনুভৱৰ টোপোলা মাথোঁ
 ৰাখিছোঁ লিখি ।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)