তোৰ মুখত দেখোন ভাগৰুৱা দেহৰ অৱয়ব !
প্ৰখৰ ৰ'দ,তোৰ চাগে বৰ কষ্ট হয়!
ফটা-চোলাটো ঘামত তিতি জুৰুলা হ'ল।
পিতাই অ' গোঁসায়ে বুলিম নে ঈশ্বৰে বুলিম
নে দেৱতাই বুলিম তোক ?
ভৰণ-পোষণত তোৰ যে আছে
অহৰহ প্ৰাণৰ বোল!
পিতাই,শিকালি-বুজালি ডাঙৰ কৰিলি
মানুহ হোৱাৰ পথ তইয়ে দেখালি
কিন্তু;ফটা চোলাটো কাহানিও নেৰিলি!
এতিয়া থ পিতাই
পিন্ধিবি নতুন সাজ,
তোৰ ফটা চোলাটো মোক দে
সাঁচি থওঁ আজীৱন মোৰ বুকুৰ মাজত,
তোৰ কষ্টবোৰ অনুভৱ কৰি
মইয়ো তোৰ সু-সন্তান হওঁ।
দে পিতাই,তোৰ ফটা চোলাটো মোৰ হাতত তুলি দে
ইয়ে যে মোক কৰিলে মানুহ। দে পিতাই,তোৰ ফটা চোলাটো মোক দে !
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ