পকেট মাৰ-ছাইফুদ্দিন আহমেদ

©Admin
0
মই ভবাই নাই যে মোৰ পকেট কাটিলে
বাছৰ পৰা নামি ডাকঘৰ পায়
পকেটত হাত দি দেখিলোঁ যে 
মোৰ পকেট কাটিলে !

আছিল কিনো মোৰ পকেটত ?
মাথোঁ সত্তৰ টকা 
আৰু এখন ~চিঠিৰ~ খাম ৷

যোৱা সপ্তাহতে মোৰ চাকৰিটো গ’ল ৷
চহৰৰ ব্যক্তিগত খণ্ডৰ চাকৰি
বতাহৰ গতিৰে আহে ধুমুহাৰ গতিত যায় ৷
সেই গতিকে দুখ কৰিও লাভ নাই !

আজি ৫/৬ দিন ধৰি পঠাম বুলি
মা লৈ লিখিছিলোঁ যে 
মা মোৰ চাকৰিটো গ’ল এই মাহত
টকা পঠাব নোৱাৰিম চাগে ৷

কিছুদিন পিছত মা’ৰ চিঠি পালোঁ
তোৰ মাতৃহাৰা ছোৱালীজনীক
তই পঠোৱা টকাৰে 
এটা ইস্কুল বেগ কিনি দিছোঁ ৷
এইবাৰ টকা পঠালে 
জোতা এযোৰ লৈ দিব লাগিব ৷

মই ভাবি পাৰ পোৱা নাই যে
মানি অৰ্ডাৰ কোনে পঠালে
মইতো কোনো টকা 
পঠোৱা নাই তেন্তে মাই যে
মোক টকা পোৱা বুলি কৈছে !

কিছুদিন পিছত আৰু এখন চিঠি পালোঁ ৷
ধৰিব নোৱাৰি বহু কষ্ট কৰি পঢ়িলোঁ !
লিখা আছিল মা সকলোৰে একেই
সেয়া লাগিলে তোমাৰ অথবা মোৰ
নাইবা আন কাৰোৰেই হওঁক !
মা তো মায়েই ।
মই বিচাৰোঁ 
কোনো মাই যাতে অনাহাৰে থাকিব নালাগে 

মই তোমাৰ সত্তৰ টকাৰ লগত
মোৰ সেইদিনাৰ গোটেই ইনকাম
তোমাৰ মা’ক পঠাই দিছিলোঁ ৷
ইতি........ তোমাৰ পকেট মাৰ !!



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)