নিৰলা জীৱনৰ ক্ষণিক খেল
ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠাপিত দেৱী গোসানীক পূজা-অৰ্চনাৰে দশমীৰ দিনা বিসৰ্জন দিয়া হ'ল । শাৰদীয় আনন্দৰে তৃপ্ত হৈ এয়া সময় দৈনন্দিন ব্যস্ততাৰ মেৰপাকত আৱদ্ধ হোৱাৰ । সাম্প্ৰতিক প্ৰেক্ষাপটত শাৰদীয় দুৰ্গোৎসৱ বুলিলে এচাম মানুহৰ বাবে যিধৰণৰ উল্লাসৰ পয়োভৰ ঘটে , সমান্তৰালভাৱে অন্য এচাম ডুব যায় গভীৰ হতাশাগ্ৰস্ততাত । আৰ্থিক দৈন্যতাই অৱশ কৰি তোলা একো একোটি পৰিয়ালৰ মুৰব্বীজনৰ চিন্তাক্লিষ্ট মুখখনত প্ৰস্ফুটিত নহয় শাৰদ সুগন্ধ । তথাপি উৎসৱৰ আগমনত পৰিৱৰ্তন ঘটে ধৰাৰ , মনৰ । এই আৱেশতে পৱিত্ৰ চিত্তে মৃন্ময় মূৰ্তিৰ দেৱী গোসানীক সেৱা জনাই আমি যেন বিশ্বাস থাপিলো - "আমাৰ ভাল হ'ব । দীৰ্ঘায়ু হ'ব উশাহ , উজাই ল'ম শান্তিৰ বতাহ ।"
অথচ গুৰুজনাৰ জন্ম জয়ন্তীৰ দিনাই পৃথিৱীৰ বৃহত্তম নদীদ্বীপ মাজুলীৰ সু-সন্তান তেজস্বিতা বৰুৱাক হেৰুৱাবলগীয়া হ'ল অসমবাসীয়ে । কিয় কলিতে মৰহি যাব লগা হ'ল এই তৰুণ প্ৰতিভা তাৰ কৈফিয়তে অতি ভয়ানকভাৱে উন্মোচন কৰিলে স্বাস্থ্য বিভাগৰ অনুন্নত অৱস্থা । এনে দুৰ্ভোগ বৰ অসহনীয় । শেহতীয়াকৈ যোৱা ১৬ অক্টোবৰত আমি আকৌ হেৰুৱালো অসমৰ এজন পুৰোধা ব্যক্তিক । লোক-সংস্কৃতিৰ গৱেষক ড° নবীন চন্দ্ৰ শৰ্মা ছাৰ বৈকুন্ঠগামী হোৱা বাতৰিয়ে সংস্কৃতি সাধকসকলক ডুবাই গ'ল শোক সাগৰত । অসমীয়া সাহিত্যৰ ছাত্ৰী হৈ আমিও অনুধাৱন কৰিছোঁ যে তেখেতৰ "অসমীয়া লোক-সংস্কৃতি আভাষ" গ্ৰন্থখন নপঢ়াকৈ সংস্কৃতি অধ্যয়নৰ মৰসাহ সম্ভৱপৰ নহয় ।
আপোনাৰ আলোচনী পঢ়ি আকৰ্ষিত হ'লো❤️
ReplyDelete