এই ৰাতি কেতিয়া শেষ হব -নীল প্ৰজাপতি

©Admin
0
এই ৰাতি কেতিয়া শেষ হ'ব ?
যিদিনা ৰাতি গাৰ ছাল ঢাকি
নাঙঠ দেহত এযোৰ কাপোৰে শুৱনী কৰিব ? 
সেই ৰাতি পেটৰ ভোকৰ সলনি দেহৰ ভোক
কম হ'ব ! 
সেই ৰাতি থাকিব নেকি হাতত এহাতে খাদ্য 
আৰু দেহত থাকিব ভোকাৰ্তৰ কামোৰৰ চিন ? 
নাই ! 
নহয় ! 
চকুৰ পানীয়ে তাৰ উত্তৰ দিছে জানো ? 


পথৰ দাঁতিত , অলিয়ে গলিয়ে ঘূৰি ফুৰা
 দুঠেঙীয়া আৰু চাৰিঠেঙিয়াৰ
ডাষ্টবিনত লগা যুজঁখনত হয় দেৱতাৰ নিধন ! 
পুৱাই সৰি পৰে নিশাৰ
শেৱালি পথৰ দাঁতিত ! 
এটি চিঙা চোলা হৈ পৰি ৰয় , 
ষ্টেচন কিম্বা হোটেলৰ গলিত ! 
মাথোঁ পিয়াহত আতুৰ হৈ কেঁকাই
সমিধান বিচাৰি পৰি ৰয় , 
এই ৰাতি কেতিয়া শেষ হয় ? 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)