সমুজ্জ্বল তৰা এটি আজি হেৰাই গ'ল
নিৰৱে নিঃশব্দে
নাই একো সাৰ শব্দ
আছে মাথোঁ দুখৰ প্ৰতিধ্বনি ।
হে ভগৱান কি অপাৰ মহিমা
কি শক্তিৰ মাহাত্ম্য তোমাৰ
তুমিয়েই দিলা কৰ্ম ,ধৰ্ম
অন্ন বস্ত্ৰৰ সৃষ্টি
সকলো তোমাৰ দৃষ্টি কৃপা ।
সৃষ্টিশীল জগত জননীৰ প্ৰতীক
পিতামহ , মাতৃৰ শক্তি সশ্ৰদ্ধ প্ৰণাম ।
আজি তোমাৰ সৃষ্টি
সমগ্ৰ জগত জননীৰ মায়া-মোহ ,
সকলো তোমাৰেই
এই দুনিয়াত পৰম ঈশ্বৰ , প্ৰভূ
আল্লা সকলো তোমাৰেই নাম সৰ্ব শক্তিৰ সৃষ্টি অপাৰ কৃপা।
পৰম পূজ্য অৱদান
চিৰ পূজ্য মানৱ
কর্ম ধৰ্মৰ বিধিৰ বিধান তোমাৰ
সকলোৰে পূজ্য তোমাৰ চৰণ
অমৰ সৃষ্টিশীল পৃথিৱীৰ
সৰ্ব গধুৰ বোজাৰ
মালিকীসত্ব অসীম শক্তি
সকলো তোমাৰ মহিমা।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ