সাৰে আছোঁ মই-ৰূপা মনি দাস

©Admin
0
মধ্য নিশাৰ নিস্তব্ধতাত ডুবি
মোৰ নীলা চকুলোৰে সমৃদ্ধ,
লিহিৰি লিহিৰি আঙুলিৰে ধৰা
কলমটি লৈ সহস্ৰ বুকুৰ হুমুনিয়াহ
কাঢ়ি বহু আশাৰ সপোনবোৰ,
আৰু অতীতৰ শৈশৱ উজাৰি
তুলিবলৈ সাৰে আছোঁ মই,
জোনাকৰ পোহৰত,মলয়াৰ 
নিচুকনিত,নিবিৰ জননীৰ কোলাত জিৰণি ল'বলৈ
সাৰে আছোঁ মই,
ক'লা ক'লা মেঘ,কিনকিনিয়া 
বৰষুণৰ পৰশত,কুলি কেতেকীৰ
মাতৰ সুৰত সুৰ মিলাবলৈ
শুক্ল কিৰণৰ পৰশ পাবলৈ
সাৰে আছোঁ মই,সাৰে আছোঁ মই।।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)