: কাষলৈ আহিব নোৱাৰাৰ প্ৰতিশ্ৰুতি নেকি এয়া ?
: প্ৰতিশ্ৰুতি নিদিয়াকৈ থাকিব নোৱাৰি নে ?
: নিশ্চয় পাৰি।
: তোমাৰ আক্ষেপ নহয় নেকি?
: অপেক্ষাৰত মনটোক বুজাওতে বুজাওতে আক্ষেপৰ অৰ্থ পাহৰি গ'লোঁ।
: তোমাৰ জীৱনত মোৰ কি অস্তিত্ব নোহোৱা হ'ল?
: যিদিনালৈকে সংসাৰত মোৰ অস্তিত্ব থাকিব, তুমি মোৰ সংসাৰ হৈ থাকিবা।
: তেনেহ'লে এয়া কি ? অভিমান ?
: অভিমান তাতেই উৎপত্তি হয়; য'ত সঘনে প্ৰেমৰ আলাপ হয়। কিন্তু...
: ৰৈ দিলা যে ? আমাৰ প্ৰেম শেষ হৈ গ'ল নেকি ?
: হয়তো প্ৰেম শেষ হৈ নাযায় ! প্ৰেমাতুৰ মোহবোৰৰ বান্ধ সময়ৰ লগে লগে খোল খাই যায়।
: তুমি দেখিছো হিচাপ- নিকাচত পাকৈত হৈ গ'লা।
: প্ৰেমহীন প্ৰতিপলৰ অংক কিমান জটিল , এবাৰ নিজে কৰি চাবা নিশ্চয় তুমিও হিচাপত পাকৈত হৈ পৰিবা।
: মোৰ মনে আজিও তোমাকে বিচাৰে।
: যি মনে বিবেকৰ ওচৰত হাৰ মানি আঁতৰি গ'ল। পলৰীয়া মনৰ কথা মোৰ কৰ্ণগোচৰ নকৰিবা।
: তুমি মোক ভুল বুজিছা!
: শুদ্ধখিনি দেখুৱাব পৰাকৈ তোমাৰ শক্তি জানো হ'ব ?
: এবাৰ তোমাক চাবলৈ খোজোঁ।
: দুপৰীয়া নদীৰ পাৰলৈ গৈ এবাৰ চাই আহিবা তাৰ নিসঙ্গতাত মোক বিচাৰি পাবা।
: এবাৰ মোক লগ কৰাৰ প্ৰতিশ্ৰুতি দিয়া।
: প্ৰতিশ্ৰুতি ! ৰাতিৰ আকাশত জানো সূৰ্য ওলায় !
: তাৰ মানে মই নিৰুপায়?
: দুখৰ চকুলো শুকাই যোৱাৰ পৰা আজিকালি হাঁহিলে মোৰ চকুলো সৰি পৰে গতিকে মই হাঁহিব নিবিচাৰো । কিন্তু, জানা তোমালৈও মোৰ বৰকৈ মনত পৰে।
এনেকৈয়ে গতি কৰে জীৱনাংশ কিছু প্ৰাপ্তি কিছু অপ্ৰাপ্তি কিন্তু মনত খোদিত হৈ থাকে প্ৰতিক্ষণৰ এৰাব নোৱাৰা স্মৃতি।
✍নিহাল গগৈ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ