এই অতীত পাহৰি যা-মুন শৰ্মা

©Admin
0
বহু দিন নীৰৱতা অৱলম্বনৰ শেষত 
আজি কিছু প্ৰচেষ্টা হৃদয়ক বুজনি দিয়াৰ
তোৰ প্ৰাপ্তি ইমানেই অধিকাৰৰো সমাপ্ত সময়
এই পৃথিৱীত স্থায়ী বুলিবলৈ যে একোকে নাই ,
আজি তোৰবোৰ যে কালিলৈ আনৰ হ'ব।

হৈ যায় কেতিয়াবা এনেবোৰ অ'
এই পৃথিৱীত অকল তয়েই নহয়,
অজস্ৰ জনৰ অজস্ৰ ঘটনাৰ যে আছে ইতিহাস,
হোৱাবোৰ যে হৈয়েই যায় সলনি নহয়।

দুখ নকৰিবি বিষাদৰ ৰ'দজাক আৰু নলবি ,
বিষাদৰ উত্তপ্ত তাপে তোক দহিব,
পাহৰি যা অতীত নেপেলাবি মনত,
তোৰ প্ৰতি প্ৰান্তত বিষ হৈ বৈ যাব বুজিবি,
কাঁইট হৈ নিষ্ঠুৰ ভাবে খুচিব প্ৰতি পল তোক,
বৰ অসহ্য হ'ব যন্ত্ৰণাৰ তাণ্ডৱ নামিব জানিবি।
কষ্ট পাই তই মৰা চিঞৰ বোৰ শুনিবলৈ,
তাই যে আজি তোৰ বাবে ৰৈ থকা নাই।

মই জানো তোৰ আপোন আছিল তাই,
মই জানো তাইক তই বৰ ভালপাৱ,
সেয়ে কৈছোঁ....
এবাৰ মন কৰ তোৰ ভালপোৱা আৰু আপোন তাই,
চা-চোন তাই কিমান সুখত আছে,
তই কি ! তাইক সুখত থকাটো বিচৰা নাই আজি অতদিন ?
সেয়ে কৈছোঁ...
তই দুখী নহ'বি সুখী হ'বলৈ চেষ্টা কৰ  
তাইৰ সুখ বোৰকে চা ।
ঈশ্বৰৰ লীলা কৰিবি কি ক্ষমতা যে একো নাই,
নিৰাশাৰ কলীয়া ডাৱৰ আঁতৰাই 
ফৰকাল কৰ তোৰ বুকু,
সুখৰ কঠিয়া আকৌ সিঁচি দে অতীত পাহৰি তই ।

✍️মুন শৰ্মা, লখিমপুৰ


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)