পৰিৱৰ্তন - হেমেন হাজৰিকা

©Admin
0
    মানুহবোৰ হালধীয়া হ'ল কিয় ?
    সৰি পৰিল
    এটা এটাকৈ অঙ্গ ।

    হৃদয়খন সোলোকাই থৈ
    সোঁৱে বাঁৱে
    ঘূৰি ফুৰে হালধীয়া মানুহ ।

   মুখত হাঁহি লৈ
   থাকে ঠিকেই
   হৃদয় যে নাই
   ধৰিব নোৱাৰি ।

   মানুহৰ মাজত
   মানুহ চিনাৰ
   উপাই ক'ত পাই
   তাকে ভাৱি
   শাৰদীয় জোনাকত
   গা টঙালি বহি আছোঁ ।।

    ✍️হেমেন হাজৰিকা
          ৰাণী
          কামৰূপ অসম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)