শহুৱেকে হাতত মোনাটো লৈ খোজ কাঢ়ি বজাৰ কৰিবলৈ ওলোৱাত বোৱাৰীয়েক অনিমাই সুধিলে, "বজাৰলৈ ভালেমান বাট দেউতা , আপুনি খোজ কাঢ়ি ইমান দুৰ যাবনে! গাড়ীখনকে নিনিয়ে কিয়?
-বোৱাৰী' মই বজালৈ নাযাও নহ'য় ওচৰৰ মালতীৰ দোকানৰ পৰা হে বজাৰ কৰিম ।
দেউতা সেইবোৰ দোকানলৈ যায় নে? লাজেই লাগে এনে সৰু -সুৰা দোনৰ পৰা বজাৰ কৰিলৈ।মানুহে কি ভাবিব!ভাল বস্তু পোৱা হয় জানো মালতী বাই দোকানত ?
বোৱাৰীয়েকৰ কথা প্ৰত্যুত্তৰত শহুৱেক বিমল বৰুৱাই কলে, "বিধবা মানুহ গৰাকীয়ে কোনোমতে দোকানখন দি ঘৰখন চলাইছে। আমাৰ ওচৰ চুবুৰীয়া তেওঁলোক। আমিয়েই যদি সৰু দোকান বুলি ঘৃণা কৰোঁ এপদ বস্তু কিনি নেখাও তেন্তে কেনেকৈ চলিব দোকান খন! কাৰোবাক অকণমান উৎসাহ প্রদান কৰাতো জানো লাজৰ কথা বোৱাৰী ! দুৰ্বল মানুহক সামৰ্থ অনুযায়ী সহায় কৰিব লাগে। কেতিয়াবা আনৰ প্রয়োজনীয়তাৰ কথা চিন্তা কৰিব লাগে।
মই মালতীৰ দোকানতে বজাৰ কৰিম এপইচা মালতীয়েই পাৱক। দিনটো বহিয়েই আছো যেতিয়া খোজ কঢ়াও হ'ব বজাৰ কৰাও হ'ব। এক গুলীত দুই চিকাৰ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ