জীৱনৰ কিছু কথা - আব্দুল কাদেৰ মিঞা

©Admin
0
জীৱনত সুখ আৰু আনন্দ এই আৱেগটোৰ প্ৰতি সকলো মানুহৰ হাবিয়াস আটাইতকৈ বেছি।
সুখ বা আনন্দৰ মূহুৰ্তত মানুহৰ ঋণাত্মক শক্তি সমুহ বৃদ্ধি হৈ ইতিবাচক শক্তি জাগ্ৰত হয়।
মুখলৈ এক স্বত:স্মূৰ্ত হাঁহি বিৰিঙি উঠে।শৰীৰলৈ এক শান্ত সমাহত ভাৱ প্ৰৱাহিত হয়। যিয়ে লক্ষ্য অভিমুখে ধাৱমান হ'বলৈ উৎসাহিত কৰে।সুখে মানুহৰ জীৱনৰ স্বাস্থ্য আৰু দীৰ্ঘজীৱন লাভ কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।
আনহাতে মানুহৰ জীৱনত যদি প্ৰেম বা ভালপোৱাক এক শক্তিশালী আৱেগ বুলি ভৱা হয় আচলতে ই অন্য কিছুমান আৱেগৰ সমষ্টিত  গঢ় লৈ উঠা এক মিঠা অমানি অনুভৱ।যত মানুহৰ খং আৰু ভয়ৰ বিপৰীত মুখত অৱস্থান কৰে।
এই ক্ষেত্ৰত মানুহৰ শৰীৰলৈ এক প্ৰশান্তি তথা আত্মসন্তষ্টিৰ ভাৱৰ সৃষ্টি হোৱাৰ ফলতে ইজনে সিজনলৈ সাহচৰ্য ভাৱৰ উদয় হয়।
আনহাতে খং হৈছে মানুহৰ আটাইতকৈ আদিম আৱেগ যত মানুহৰ অন্যৰ প্ৰতি শক্ৰতা বিক্ষোভ আৰু অসহ্যকৰ অনুভূতিৰ বৰ্হিপ্ৰকাশ ঘটে।
ভয় মানুহৰ জীৱনৰ তেনেই এক শক্তিশালী আৱেগ।যি আৱেগে মানুহৰ নিৰাপত্তা আৰু জীয়াই থকাৰ অনুভূতিৰ লগত সদায় সংলগ্ন হৈ থাকে।
তিনিটা বৰ্ণযুক্ত এটি চিনাকি শব্দৰ নাম জীৱন। কিন্তু ইয়াৰ পৰিসৰ ইমান বহল যিটো সংক্ষিপ্ত ৰূপত উপস্থাপন কৰাটো অসম্ভব।
জীৱন এগছি চাকিৰ দৰে হয়।যেতিয়ালৈকে শলিতা আৰু তেলেৰে ভৰি থাকিব । তেতিয়ালৈকে ই উজ্জ্বল হৈ থাকিব।
আচলতে জীৱন নো কি? আজি সকলো ঠিকেই আছে।কাইলৈ হয়তো নাই। 
বৰ্তমান সময়ত মানুহক ভাল পাবলৈকেই সময়ৰ নাটনি হৈ পৰিছে। আৰু বে‌য়া পাই জানো কাৰোবাৰ কিবা লাভ আছে? একো লাভ নাই! সেয়েহে আমি জীয়াই থকা দিনকেইটা আটাইৰে লগত সহযোগিতাৰে আনন্দ- স্ফুৰ্তিৰে কটাব লাগে। সকলো সময়তে আমি জীৱনৰ দুৰ্দান্ত প্ৰেমিক হোৱাৰ চেষ্টা কৰিব লাগে। যাতে আমাৰ কাৰণে কোনেও কষ্ট অনুভৱ কৰিব নোৱাৰে।
কেঁচা তেজ - মঙহৰ জীৱন বুলি ক'লে ঘাট-প্ৰতিঘাট থাকিবই । কাৰোবাৰ হয়তো কম কাৰোবাৰ আকৌ বেছি। 
আমি যদি সকলো সময়তে ইতিবাচক মনোভাৱেৰে চাওঁ তেন্তে ঘাট- প্ৰতিঘাটে আমাৰ ভৱিষ্যত জীৱনত ধৈৰ্যশীলতা আৰু সহনশীলতাৰ সুস্থিৰ মনোবল গঢ়ি তুলিব। আনহাতে যদি নেতিবাচক মনোভাৱেৰে চাওঁ তেন্তে ই জীৱনৰ ৰঙবোৰ নোহোৱা কৰি নি:শেষ কৰিব পাৰে।
আমাৰ প্ৰতিভা কিম্বা কিবা কৰাৰ ক্ষমতা আছে।সেই বুলিয়েই আমাৰ সীমাহীন অহংকাৰো আছে।
এইটো মাথোঁ  মানৱীয় গুনাধিকাৰী কোনো মানুহৰ জীৱনৰ মূলমন্ত্ৰ  হ'ব নোৱাৰে।
জীৱনটোক সকলোৱে উপভোগ কৰিবলৈ শিকিব লাগে। আমাৰ জীৱনৰ লক্ষ্য থাকিলে আৰু নিজে ভবা ধৰণে উপনীত হ'ব পাৰিলেই জীয়াই থকাৰ মাদকতা অন্য ধৰণে জাগে । যিকোনো লক্ষ্যত উপনীত হবলৈ আমাক সাধনা কিম্বা ধ্যান লাগে। সাধনাই কোনো এটা বিষয়বস্তুৰ ওপৰত একাগ্ৰতাৰে মনোনিবেশ কৰাটোকে বুজায়।
আমাৰ যদি সাধনা থাকে অৰ্থাৎ কোনো এটা বস্তুৰ ওপৰত একনপটীয়াকৈ লাগি থকাৰ ধৈৰ্য্য ৰাখিব পাৰোঁ তেন্তে আমাৰ জীৱনত বিফলতা বুলি শব্দটোৱেই হেৰাই যাব।বিফলতা কিবা কাৰণত আহিলেও ই আমাৰ জীৱনক আৰু ভালদৰে উপলদ্ধি কৰোৱাতহে অনুপ্ৰেৰণা যোগাব।
সকলো সময়তে শুনি আহিছোঁ " ধৈৰ্যৰ ফল হেনো মিঠা হয়" । কথাষাৰ একেবাৰেই সঁচা।
জীৱনত সফলতা অৰ্জন কৰিবলৈ হ'লে ধৈৰ্যই হয়তো একক আৰোহী যিয়ে সাধনাৰ উচ্চ শিখৰলৈ বগাই অন্তিমত হ'লেও সুখী হোৱাৰ নিদিষ্ট মাত্ৰা প্ৰদান কৰে। অৰ্থাৎ ধৈৰ্যশীল সাধনাই জীৱনৰ শান্তি উন্নতিৰ পথ প্ৰশান্ত কৰি তোলে।এই খন পৃথিৱীত কম সংখ্যক মানুহে নিজে ভবাৰ দৰে জীৱনটোক নিজৰ দৰে সজাই ল'ব পাৰিছে। বেছি সংখ্যক মানুহে নিজে ভবাৰ দৰে জীৱনটোক বিচাৰিও পোৱা নাই। এই সকল মানুহে জীৱনটোক এটা আশীৰ্বাদতকৈ অভিশাপ হে অনুভৱ কৰি আছে।
আচলতে মানুহ এজন সুখী হ'বলৈ কি লাগে? বহুতে কয় জীৱনত সুখী হ'বলৈ টকা পইচাতকৈ মানুহৰ মনৰ মিল লাগে । আত্মীয়তা লাগে। 
কেৱল আত্মীয়তাই জানো সংসাৰ চলেনে ? নে কেৱল টকা পইচাই সংসাৰ চলে? কবলৈ গলে আচলতে দুয়োটাই লাগে। মানুহৰ জীৱনত যেতিয়া অভাৱ দেখা দিয়ে তেতিয়া বুজা যায় জীৱনত সকলো বস্তু আৰু সম্পৰ্কৰ কিমান মূল্য।
মানুহ সুখী হ'বলৈ এখন সুস্থ পৰিৱেশ আৰু নিকা সমাজ লাগে য'ত মানুহৰ মতানৈক্য বেছি তাত মানুহ সুখী হ'ব নোৱাৰে । আৰু এই সকলোবোৰ আহে টকা পইচাক লৈ।আত্মীয়ৰ লগত বেয়া পোৱা বোৰোতো সৃষ্টি হয় টকা পইচাক লৈ। বন্ধুত্বৰ মাজত মনোমালিন্য হয় টকা পইচাক কেন্দ্ৰ কৰি। পৃথিৱীৰ ভাল ভাল বহু সম্পৰ্ক টকা পইচাক কেন্দ্ৰ কৰিয়ে বিচ্ছেদ সোমাই পৰে।
কেতিয়াবা নিজৰ পৰিয়ালৰ মাজতো টকা পইচাৰ নাটনীত সৃষ্টি হয় বহুতো সমস্যা।
যেতিয়াই আত্মীয় আৰু পৰিয়ালৰ মাজত মনোমালিন্য  ঘটে তেতিয়াই  মানুহ অসুখী হয় আৰু মনৰ মাজত এটা আক্ষেপ আৰু ক্ষোভৰ সৃষ্টি হয়।ইয়ে নিজৰ মনৰ মাজত অশান্তিৰ সৃষ্টি কৰে।
বহুতে নিজৰ জীৱনতকৈ আনৰ কথা বেছি চিন্তা কৰে। সেই সকলে নিজৰ মনৰ মাজত বেছি কষ্ট পায়। আৰু তাতে মিঠা কথা নকৈ অলপ স্পষ্টবাদী হ'লে তাতেও বিপদত নিজেই ভুগিবলগীয়া হয়।
কেতিয়াবা নিজৰ সিদ্ধান্তবোৰ আনৰ মতে লৈ বহুতৰে কান্দিব লগা হয়।
নিজৰ আত্মবিশ্বাস নথকাৰ বাবেই হোক বা আনৰ কথা অমান্য কৰিলে বেয়া পাব বুলিয়েই হোক নিজৰ ইচ্ছাৰ বিৰুদ্ধেই কিছুমান কথাত মান্তি হ'বলগীয়া হয়।
জীৱনত মানুহৰ পৰা তিতামিঠা বহুতো পোৱা যায়।মন যায় কেতিয়াবা সংসাৰৰ মায়া মোহ এৰি নিৰ্জন এডোখৰ ঠাইত বাস কৰিবলৈ । য'ত থাকিব কেৱল নিৰ্জনতা । নাথাকিব মানুহৰ ফুচফুচীয়া কথাবাৰ্তা।
জীৱনত বহুতো কল্পনা কৰা হয়।এই কল্পনাবোৰ কেতিয়াবা ধূলিৰ লগত মিহলি হয়।তেতিয়া কল্পনাৰ সম্পূৰ্ণ এখন বিপৰীত ছবি দেখিবলৈ পোৱা যায় হয়তো ইয়াকেই ভাগ্যৰ লিখনি বুলি কোৱা হয়।
মানুহৰ জীৱনটো হৈছে আশাৰ ভঁৰাল । আশাবাদী চিন্তা ধাৰণাই মানুহক ভৱিষ্যত বাটত খোজ মিলোৱাত সহায় কৰে।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)