শেৱালি- স্বাগতা নন্দা ভূঞা

©Admin
0
শৰৎ মানে শুভ্ৰতা 
   শেৱালি অবিহনে
       শৰতৰ সৃষ্টি আধৰুৱা ।
ধৰালৈ আহিবলৈ
     দিয়া তুমি
        দুৰ্গা মাক আগজাননী ।
ৰাতি পাহি মেলি
     দিনত সৰি পৰা,
তোমাৰ পাহিয়ে মোহে
     শিশুৰ পৰা বৃদ্ধজনলৈ।
তোমাৰ এই মিঠা সুগন্ধিত
      ভোল যায় বাটৰুৱা ,
পৰিবেশ নিকা কৰা তোমাৰ
       ফুল আৰু পাত অতি মোহনীয়া ।
        ধৰাক দিয়া পবিত্ৰতা ।।
ফুল আৰু পাতৰ ঔষধি গুণে
         দূৰ কৰে ব্যাধি ।
 ডেকা-গাভৰুৰ মৌন গানক
          তুমি ৰহন সানি
                নিশ্চিত কৰা প্ৰেম ।
আমি আগবাঢ়ো তোমাৰ
        আদৰ্শক সাৰোগত কৰি
                জীৱন বাটত।।
           

✍️শ্ৰী স্বাগতা নন্দা ভূঞা ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)