মেলানিন জীৱদেহৰ কলা-বগা বৰণৰ কাৰক - অনোৱাৰ হুছেইন

©Admin
0
জীৱদেহৰ বগা আৰু কলা বৰণক লৈ আৱহমান কালৰে পৰা মানৱ সমাজত এক ভ্ৰান্ত ধাৰণা বিৰাজ কৰি আহিছে ৷ কলা হেনো অশুভ,‘কলা বৰণৰ মহিলা গুণৱতী’ হ'লেও তেওঁৰ দৰা মিলাটো কষ্টকৰ ৷ অন্যহাতে বগা মানেই শুভ্র,শুভ-শান্তিৰ অন্য নাম! আকৌ শ্বেত কপৌ শান্তিৰ প্রতীক;যদিও কলা কাউৰী,কলা ফেচা হেনো অশুভ!এনেবোৰ প্ৰবাদ জীৱ শ্ৰেষ্ঠ মানুহে কেতিয়া আৱিষ্কাৰ কৰিছিল বুলি প্ৰশ্ন উত্থাপিত হোৱাটো স্বাভাৱিক৷
বর্ণ বিদ্বেষ সাম্প্ৰতিক সমাজ আৰু সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ নহ'লেও বিয়াবাৰুৰ ক্ষেত্ৰত কলা-বগাৰ বিষয়টো সুপ্তভাৱে ক্ৰিয়া কৰি আহিছে ৷ প্ৰাপ্ত বয়স্ক যুৱক -যুৱতী উভয়ৰে ক্ষেত্ৰত বিষয়টো জটিলৰ পৰা জটিলতম হিচাপে ক্ৰিয়া কৰি আহিছে ৷ কলা বৰণৰ ছোৱালীৰ জন্মৰ পিছত তেওঁলোকৰ অভিভাৱক সকল ভিতৰি ভিতৰি চিন্তাম্বিত হৈ পৰে ৷ উপযুক্ত দৰাৰ ওচৰত বিয়া দিয়াৰ বিষয়ক লৈ ছোৱালীৰ পিতৃ-মাতৃৰ মন বিষাদেৰে ভৰি থাকে ৷ কলা বৰণৰ কইনাৰ বিয়াত যৌতুক অধিক প্ৰদান কৰিবলগীয়া হয় ৷ অনেক ক্ষেত্ৰত দুখীয়া ঘৰৰ কলা বৰণৰ কইনাই অনেক ক্ষেত্রত শশুৰ গৃহত গৈয়ো বর্ণবৈষম্যৰ চিকাৰ হ’বলগীয়া হয়।
আধুনিক শিক্ষাৰে তেওঁলোকক দিক্ষীত কৰি তুলিবলৈ অভিভাৱক সমাজে বেছিকৈ জোৰ দিয়ে,যাতে গুণেৰে তেওঁলোক আগুৱাই যাব পাৰে ৷ 'ৰূপে কি কৰে,গুণেহে সংসাৰ তৰে’ বাক্যক বিশ্বাসত লৈ লোক সমাজে গুণৰ স্বাৰ্থত কলা বৰণৰ মহিলাক গুৰুত্ব দিয়ে আৰু সমাপন হয় সামাজিক বান্ধোন স্বৰূপ- বিয়া৷ প্ৰেম নিবেদিত বিয়াৰ ক্ষেত্ৰত দেহৰ বৰণৰ প্ৰশ্ন খুব কমেই বিবেচিত হয় ৷
জীৱদেহৰ বৰণ কলা হোৱাৰ অন্যতম কাৰক 'মেলানিন' নামৰ এবিধ ৰঞ্জক পদাৰ্থ বুলি বিজ্ঞানী সকলে প্ৰমাণ কৰিছে। মেলানিন হৈছে অধিকাংশ প্রাণীৰ মাজত প্ৰাপ্ত গ্রুপৰ প্রাকৃতিক ৰঞ্জকৰ বাবে এটি বিস্তৃত শব্দ। মেলানিন মেলানোজেনেছিচ নামেৰে পৰিচিত এটি মাল্টিষ্টেজ ৰাসায়নিক প্রক্রিয়াৰ মাধ্যমেৰে উৎপাদিত হয়,য'ত এমিনো এছিড টাইৰ’চিনৰ জাৰণৰ পিছত পলিমাৰাইজেচন হয়।( Melanin is a broad term for a group of natural pigments found in most organisms. Melanin is produced through a multistage chemical process known as melanogenesis, where the oxidation of the amino acid tyrosine is followed by polymerization) 
মেলানিন মূলত গ্ৰীক শব্দ 'মেলাচ'ৰ পৰা উৎপত্তি হৈছে ৷ মেলানোচাইট নামৰ কোষৰ পৰা প্ৰস্তুতকৃত 'মেলানিন'ৰ কাৰণে মানুহ বা অন্যান্য প্রাণীৰ ছাল,চুলি, চকুুৰ মণি আদি কলা বৰণৰ হয়।মেলানিনৰ অনুপস্থিতিত ছালত কোনো ৰঞ্জক পদার্থ নাথাকে,ফলত ছালৰ বৰণ বগা হয় ।এয়া এলবিনিজম নামেৰে পৰিচিত। জীৱদেহত মেলানিন অধিক পৰিমাণে থাকিলে বেছি কলা বৰণৰ হয়। অন্যহাতে মেলানিনৰ অনুপস্থিতিত বগা বা অন্য বৰণৰ হয় । শিশুকালত বগা চেহাৰাৰ ল’ৰা ছোৱালী বয়সন্ধিৰ পিছত ছালৰ বৰণ পৰিৱৰ্তন হৈ কলা হ’ব পাৰে ৷ চিকিৎসা বিজ্ঞানৰ মতবাদ মতে শৰীৰত মেলানিন কম থকাৰ বাবে বগা হয় আৰু বয়স বঢ়াৰ লগে লগে সূর্য্যৰ পোহৰ বা অন্যান্য কাৰণত শৰীৰত মেলানিনৰ পৰিমাণ বাঢ়ি গৈ কলা বৰণীয়া হ’ব পাৰে ৷

* জীৱ দেহৰ ছালৰ বৰণ কলা হোৱাৰ অন্য এক কাৰক বংশগত৷

* সূৰ্য্যৰ পোহৰ,বিভিন্ন বেমাৰ আজাৰ,গৰ্ভাৱস্থাত হৰমনৰ অভাৱ, 
জন্মনিয়ন্ত্রণ ঔষধৰ প্রভাৱ, কেমোথেৰাপি, লিভাৰ ছিৰচিচ, ইনচুলিন ৰেজিষ্টেন্ট আদি কাৰণতো শৰীৰত মেলালিন বাঢ়ি গৈ ছালৰ বৰণ কলা হ'ব পাৰে ৷ 

* অপুষ্টি,ভিটামিন স্বল্পতা,হাইপাৰ পিগমেন্টেচন,এড্রিনাল ডিজঅর্ডাৰৰ বাবেও মাত্রাধিক মেলানিন বাঢ়ি গৈ দেহৰ বৰণ কলা হ’ব পাৰে৷
গাৰ বৰণ প্রাকৃতিক ভাৱে উজ্জ্বল কৰিবলৈ ভিটামিন-এ,চি, ই অধিক পৰিমাণে গ্ৰহণ কৰিব পাৰে;ইয়ে মেলানিন উৎপাদনত সাময়িকভাবে বাধা দিয়ে আৰু গাৰ বৰণ উজ্জ্বল কৰণত সহায় কৰে। কিন্ত কৃত্রিমভাবে গাৰ বৰণ উজ্জ্বল নকৰাৰ চেষ্টা কৰা ভাল,কাৰণ ইয়ে হিতে বিপৰীত হোৱাৰ সম্ভাৱনা অধিক থাকে ৷

ত্বকৰ বিশেষ স্থানত মেলানিনৰ কার্যক্ষমতা মাত্ৰধিক হ’লে উক্ত অংশটো কলা বৰণীয়া হয়,যাক সাধাৰণ দৃষ্টিত'মেছতা' বুলি কোৱা শুনা যায়। মেছতাই মানৱ দেহৰ বিশেষ ক্ষতি নকৰে,হানি কৰে-সৌন্দর্য্য ৷ মেলানিনে অনেক ক্ষেত্ৰত সূর্য্যৰ অতিবেঙুনীয়া ৰশ্মিৰ পৰা ত্বকক বচায়৷ ইয়ে শৰীৰক অতিৰিক্ত তাপ বা অতিৰিক্ত ঠান্ডাত সহায় কৰে।
* মেলানিনে প্রতিৰোধ ক্ষমতা বঢ়ায়।ক্ষতিকাৰক জীৱানুৰ পৰা ত্বকক ৰক্ষা কৰে।
* মেলানিনে বহুক্ষেত্ৰত কৰ্কট ৰোগৰ আশংকা কমায়। কৃষ্ণাঙ্গ সকলৰ তুলনাত শ্বেতাঙ্গ সকলৰ কৰ্কট হোৱাৰ সম্ভাৱনা পঞ্চাশ শতাংশ বেছি থাকে। মেলানিন ক্ৰিপ্টকক্কাছনিউফৰমানচ্‌( Cryptococus Neoformans )নামৰ পৰজীৱী জীৱাণুৰ আক্রমণৰ পৰা স্নায়ুতন্ত্রক বহুলাংশে ৰক্ষা কৰে। 

* ত্বকত মেলানিনৰ উপস্থিতি বেছি থাকিলে শুষ্কতা কম থাকে। ফলত অনেকদিন পর্যন্ত বয়সৰ ছাপ নপৰাকৈ ৰাখে।
মানুহৰ গাৰ বৰণ স্বভাৱিক এক প্রকৃতিদত্ত ঘটনা৷ অথচ সমাজত নাৰীৰ গাত্রবর্ণ লৈ ‘বর্ণবাদ' যুগ যুগ ধৰি চলি আহিছে৷কলা বৰণৰ ছোৱালীৰ প্রতি আজিও চলি আছে নিষ্ঠুৰতা৷যদি বেয়া,তেন্তে চুলি পকিলে মনোকষ্ট হয় আৰু প্ৰাকৃতিক ৰং সানি চুলিখিনি কলা কৰা হয় কিয় বুলি প্ৰশ্ন উত্থাপিত হয়৷কলা বৰণ মানৱ সমাজৰ বাবে অভিশাপ নহয়,বৰঞ্চ আশীর্বাদ।এজন বগা মানুহতকৈ এজন কলা মানুহ সকলো পিনৰে পৰাই শাৰিৰীক সুবিধা আছে।সেয়ে কলা বৰণৰ লোকক অৱহেলা বা ঘৃণা কৰা অনুচিত৷ কাৰণযিমান দিনলৈকে‘কলা’ অশুভ বুলি প্ৰচলিত হৈ থাকিব,তেতিয়ালৈকে সমাজ ‘অন্ধকাৰ’ত নিমজ্জিত হৈ থাকিব৷

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)