নতুন দিনৰ সুবাস - আলতাব হুছেইন

©Admin
0
পুৱাৰ নীল আকাশত
চৰাইবোৰৰ কোমল সুৱদি মাতত  
হেঙুলীয়া বেলিটি উদয় হয় 
নতুন এটি দিনৰ সুৱাস লৈ ।

নতুন দিনত ন-ন চিন্তা চৰ্চাৰে
আমাৰ মন আগুৰি ধৰে
ঘড়ীৰ টিক্ টিক্ গতিত 
সময় যায় সময় আহে ।
মুমূৰ্ষু  এটি দিনৰ মৃত্যু ঘটাই 
হাঁহি - হাঁহি আৰু এটি দিন উদয় হয় 
নতুন দিনৰ সুৱাস লৈ ....

কাতিৰ শেষৰ ফালে 
কৃষকৰ মনত আঘোণৰ সুৱাস লাগে 
আঘোণত কৃষক সকল পথাৰত নামে 
সোণসেৰীয়া ধানখিনি চপাই
সপোনৰ ঘৰখনি ওপচাই তোলে 

হাঁহি - স্ফুৰ্তিৰ মাজেৰে 
দৰা- কইনাই যুগ্ম জীৱন আৰম্ভ কৰে ,
দুয়োৰে চৌদিশে নতুন এটি দিনে
 অপেক্ষা কৰি থাকে .....!

✍️আলতাব হুছেইন

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)