অভিমানী - মিনাক্ষী দত্ত

©Admin
0
চ'তৰ চোকা ৰদে 
দেই-পুৰি নিয়া দেহা
অকণমান জুৰাবলৈ বুলি 
চুলি মেলি দৌৰি 
যোৱা ৰজাৰ ৰাজবাটে ।
তোৰ আউলী - বাউলী চুলিটাৰি 
আঁত লগাবলৈ বুলি
চোতালত দলিয়াই দিছিলো কাকৈফণি ।
এবাৰো নেচালি ঘূৰি ।
কাৰণ ,
তইযে মাৰাৰ ঘৰলৈ মেলিছ ঢাপলি ।
কেৱল তইয়েনে ? 
তোৰ সতে বহুতৰে মিতিৰালি 
যিয়ে মহতিয়াই নিয়ে গছ- গছনি ,  
ঘৰ - দুৱাৰ আদি ।
বৰ্ষাৰ মুষলধাৰ বৰষুণে দুকুল উপচাই 
গুজি গুজি ৰোৱা খেতিয়কৰ সপোনৰ বীজবোৰ অংকুৰিত নৌহওঁতেই
বোকা মাটিৰে লেটাই দিলি গেলাই
তই কি বুজিবি ?
 এতিয়া তাত কি গোন্ধায় ?
ক্লেদাক্তময় পথাৰত কেঁচু- কুমটিৰ লগতে
চহা লোকৰ জীৱনৰ সেউজীয়াৰ 
বিবৰ্ণসপোন ।
ডিঙিলৈকে পোত যোৱা অথবা বোকা মাটিত ঢলি
পৰা সেউজীয়াৰ মৰণকাতৰ কে'কনি
তই জানো শুন ? 
মাজনিশা কাৰোবাৰ উচুপনি অথবা হিয়াভঙা বিননি ।
তই মাথো 
উপভোগ কৰিলি হাঁহি হাঁহি।
জালত পৰা হৰিণী প্ৰাণ ভিক্ষাৰ কাকূতি ।
বোকা পানীৰ দুগন্ধই এতিয়া দিলে বাট এৰি 
পলসুৱা প্ৰকৃতিৰ আলসুৱা সময়বোৰে শুকুলা মেঘৰ 
ফাঁকে- ফাঁকে মাৰিছে ভূমুকি ।
নৈ পাৰৰ ৰূপালী কঁহুৱাবোৰে মাৰিলে মিচিকি হাঁহি ।
দুৱৰিত নিয়ৰৰ মুকুতা মণিবোৰে কৰে 
জিলিমিলি 
কুঁৱলিৰ শুভ্ৰ দলিচা পাৰি 
মা শাৰদী দুৰ্গতিনাশিনীক আন আদৰি 
অসুয়া- অপ্ৰীতি নাশি সকলোৱে 
মঙ্গল কামনা কৰি ।

✍️মিনাক্ষী দত্ত ।
ধেমাজি ( মাছখোৱা) ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)