উম্মাদ ভৰা শীতৰ এক আমেজ -নৱজিৎ নাথ

©Admin
0
শীত এক মায়াসনা শব্দঙ্গ ,
দেহ মন শিহৰিত কৰা ; 
থক্ থক্ এক কপনি্ মাথো ।।

 শীত এক মায়াসনা শব্দঙ্গ ,  
হিম চেঁচা কুঁৱলীয়ে আৱৰি ধৰা , 
সেই জুইশলাৰ  জুইকুৰা  মাথোঁ।। 

শীতৰ মায়াসনা শব্দঙ্গ, 
চঞ্চল বতাহ জাক ঢৌ খেলাই থকা , 
সেই লিৰিক _বিৰিশ কৰা  এক শব্দ মাথোঁ।। 

শীত মায়াসনা শব্দঙ্গ, 
কুঁৱলী ফাঁকেৰে নামি অহা ,
কলিজাৰ আলি - কেকুঁৰীৰ ,
এচেৰেঙা কোমল   ৰ'দালি  মাথো..।।

 শীতৰ মায়াসনা শব্দঙ্গ, 
ফাগুনৰ সৰাপাতৰ বিননীত ,
এজাক ডেকা- গাভৰুৰ ,
ঐনিতম সুৰৰ ধ্বনি মাথোঁ।। 

শীত এক মায়াসনা শব্দঙ্গ, 
সন্ধিয়া প্ৰতিটো ক্ষনত,
ওচৰ চুবুৰীয়া সৈতে পতা ,  
ৰসাল আদ্দাৰ মধুময়ৰ এক লহৰ মাথোঁ।।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)