চৌদিশে সুগন্ধি সানি,
পদুলি শুৱনি কৰি,
ঘৰে ঘৰে তুমি।
তোমাৰ অবিহনে শৰত নিস্তব্ধ,
শৰতৰ প্ৰতিটো পল তুমি।
দুৱৰিৰ তুমি মূল্যৱান অলংকাৰ,
নিয়ঁৰসিক্ত প্ৰতিডাল দুৱৰিৰ অহংকাৰ।
গৃহস্থৰ খৰাহি কৰি শুৱনি,
প্ৰভাতে দিয়া ৰুপৰ দলিচা পাৰি,
শুভ্ৰময় প্ৰতিটো শৰতৰ ৰাতি।
কবিৰ হেপাঁহৰ তুমি কবিতা,
শব্দৰ অন্তহীন মালাগোঁঠা,
পদুলিৰ সুগন্ধি শলিতা।
শাৰদী ৰাণী তোমাৰ হেনো নাম,
শৰতৰ বতাহত মই তোমাক পাম,
আমোল মোল জোনাকী গধূলি,
শেৱালি, শেৱালি, শেৱালি।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ