কলিজাৰ তেজেৰে লিখা
হৃদয়ৰ বুৰঞ্জী
পাহৰিব পাৰিলোহেঁতেন
যদিহে তুমি নামৰ কলমেৰে নিলিখিলোহেঁতেন ।
ভাল পাওঁ তোমাক
সৌ আকাশৰ সমান
তোমাৰ দিশে
বৈ যোৱা নদীৰ সমান
নোৱাৰা ন ?
নদীৰ সোঁতক বাধা দিব
তেন্তে কোৱা
কেনেকৈ পাহৰো তোমাক।
দুচকুত ভৰ বাৰিষা নামিছে
প্ৰাণ পায় উঠিছে
বিষাদৰ কবিতাবোৰে
বাৰিষাৰ বানকটো
মৰুময় কৰিব নোৱাৰোঁ
মই একোৱেই নোৱাৰোঁ অ' ।
ধূসৰ গধূলিবোৰক
জোনাক কৰিব নোৱাৰোঁ,
নিৰ্দিষ্টতাবোৰক মই জানো সলনি কৰিব পাৰোঁ ,
তোমাৰ যদি বিকল্প থাকিলহেঁতেন
'তুমি' যদি হাজাৰ জন থাকিলহেঁতেন
মই পাহৰি গ'লোহেঁতেন
কিন্তু তুমি যে তুমিয়েই
কেনেকৈ পাহৰো তোমাক ?
ধুমুহা আহে
সকলো উৰুৱাই নিয়ে ,
ভূমিকম্প আহে
ধ্বংস কৰি নিয়ে ,
দুৰ্যোগ আহে
আৰু যায়
কিন্তু লৈ যায়
বহুতো আশা আৰু সপোন
মোৰ বাবে
প্ৰেমো এক প্ৰকাৰৰ দুৰ্যোগ
আহিল আৰু গ'ল
ক্ষতি হ'ল হৃদয়ৰ
হৃদয়খনটো ঘৰ নহয়
ভাগি গ'ল আকৌ সাজিম ,
ইমান সহজ নহয়
এতিয়া কোৱা
কেনেকৈ পাহৰো তোমাক ?
✍️নিৰ্মালি শৰ্মা
শিৱসাগৰ নেমুগুৰী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ