হে প্ৰভু-আলতাব হুছেইন

©Admin
1
হে প্ৰভু                
স্বৰ্গ ,মৰ্ত্য,আৰু পাতাল
এই ত্ৰিজগতৰ সৃষ্টিকৰ্তা তুমি
তোমাৰ শ্ৰেষ্ঠ সৃষ্টি মানৱ জাতি 
তুমি যে সৰ্বত্ৰ জ্ঞানৰ অন্তৰ্যামী ।

তুমি যে অদৃশ্য       
নাই কোনো আকাৰ
নাই কোনো জাতি ধৰ্ম
সকলোৰে মাজত আছা হৈ নিৰাকাৰ ।

তোমাৰ সান্নিধ্য বিচাৰি       
প্ৰতিটো মুহূৰ্তত আছো মগ্ন
পৱিত্ৰ চৰণত সেৱা কৰি 
তথাপিও তোমাৰ অস্তিত্ব       
নপাওঁ ক'তো বিছাৰি ।

হে প্ৰভু                      
তুমি যে সৰ্বজ্ঞানী
নাপাও তোমাক ভালকে চিনি
কি নামেৰে মাতিলে        
আহিবা আমাৰ কাষ চাপি।

তোমাৰ নীতি-নিয়ম মানি 
পুৱাৰ আকাশত ওলায় 
সূৰ্য্য দেৱতা‌ হাঁহি - হাঁহি 
পোহৰ বিলাই থাকে এই ধৰণী ।

তোমাৰ যে কি লীলা          
আকাশত ওলমাই ৰাখিছা 
অগণন তৰাৰ মেলা 
গছ-লতা নদ-নদীৰে কৰিছা    
এই ধৰণী চিৰ বিনন্দীয়া ।

✍️আলতাব হুছেইন

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment