কাষৰীয়া গছ-বন,
তৰু লতিকা,
চৰাই চুবুৰী
সকলো নিজান!
তুমি কোন মঞ্চৰ আঁৰ কাপোৰৰ সিপিঠিত
মৰম লগা জনী!
অসমৰ জনতাই যদিও দূৰভাষৰ পৃষ্ঠাত
তোমাক চাই চাই ভাগৰা নাই
তথাপি বৰগীতৰ অশোৱাৰী-ধনশিৰীৰ দৰে
অপেক্ষাৰত.....
মঞ্চলৈ তোমাৰ কিমাননো পৰ?
অ' মোৰ বুকুৰ আপোন-
হুমুনিয়াহ আৰু চকুলোবোৰে বাট ভেটি ইমান আমনি
তুমি বা এতিয়া ক'ত ?
ধৰিবকে নোৱাৰি
ক'ত!
ক'ত এৰি থৈ গ'লা তুমি
সুৰেৰে সজোৱা সুৰীয়া শিল্পৰ এদেউ-দুদেউ বাট!
মা-দেউতাৰ আলাসৰ লাৰু
ভাই-ভনী
প্ৰতিবেশীৰ নয়নৰ মণি
তুমি জানো আছিলা ইমান অভিমানি ?
তোমাৰ প্রিয় কবিয়ে কান্দি আছে আধা লিখা কবিতা চাই
কান্দি আছে গীতিকাৰ
গীতৰ পংতি চাই
আৰু সুৰৰ শিল্পীয়ে?
কলিজা খুচৰি খুচৰি ,হৃদয়ৰ কোঠালিয়ে কোঠালিয়ে বিচাৰি ফুৰিছে
তেজস্বিতা নাই!
শিল্পী তেজস্বিতা নাই!
মাজুলীৰ তেজস্বিতা নাই!!
✍️কমল দাস,
ঢকুৱাখনা,
ফোন-৯৯৫৭১৪৮৫৫৯
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ