শাওনৰ পথাৰ - নৱজিৎ নাথ

©Admin
0
সেউজীয়া কৈ হাঁহি মাৰি,
পথাৰ খন সজীৱ হৈ উঠে;
জীপাল হয় গাঁৱলীয়া জীৱনৰ 
আলি - পদূলি বোৰ ।

শাওনৰ পথাৰখনি আপোন মোৰ,
জিলিকি উঠে পিতাই দুচকুৰ 
আঘোণমহীয়া সোনোৱালীৰ 
 অযুত -স্বপ্নবোৰ‌ ।

পিতাইৰ কেঁচা ঘাম বোৰে 
পথাৰ খন সামৰে ,
আইৰ ওচৰত বকু উদঙাই,
বানে ধোৱা ভোকবোৰে ৰিঙিয়াই ।

✍️নৱজিৎ নাথ, ছিপাঝাৰ, দৰং,(অসম)।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)