তৃষ্ণার্ত মন-ফখৰুদ্দিন আলি আহমেদ

©Admin
0
জীৱনৰ আধৰুৱা আবেলিত
ৰুগ্ন সূৰুযৰ বিখৰিত কিৰণ, 
অৱসাদৰ বিনোদনে জুৰাবনে বান্ধৈ
মোৰ এই তৃষ্ণাৰ্ত মন!
পায়ো নোপোৱাৰ বেদনাৰে অঁকা
অৰ্ধ মৃতকৰ কায়া, 
ছদ্মবেশী মই পিন্ধা সাজজোৰ
ত্যাজ্য নহয় যাৰ মায়া। 
গধুলিৰ নিয়ৰত তিক্ত দুৱৰিৰ
উশাহতো বৰবিষ বয়, 
সেমেকা সন্ধিয়াৰ অস্থিৰ কল্লোলত
উদাসীন মোৰ ভগ্ন নিলয়। 
নিঠৰুৱা বাটৰ এলাগী পখীৰ
অৰ্থহীন বিৰহৰ গান, 
সময়ৰ চকৰিত বিচ্চূৰ্ণ আশাবোৰ
সংগত আছে মাথোঁ পতান। 
ৰৈ গ'ল অতীততে দিঠকতে ৰচা
কিছু সাতৰঙী সপোন,
অগভীৰ জলাশয়ক ভাৱিছিলোঁ মই
ই এক সুগভীৰ দাপোণ।
     
         ✍️ফখৰুদ্দিন আলি আহমেদ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)