যোৱা বছৰ দীপাৱলীৰ নিশা
তুমি মোৰ ৰঙীণ বুকুত খুঁটি
সোণসেৰীয়া সপোনবোৰ চূৰ্ণ-বিচূৰ্ণ কৰি
আঁতৰি গৈছা ক'ৰবাত হেৰাই
নিজ বাটেৰে গতি কৰি ।
তুমি যোৱা বাটৰে
এইবাৰৰ দীপাৱলীৰ ৰজনীত
অপাৰ সপোনলৈ বাট চাই আছোঁ
অভিমানবোৰ পাহৰি যদি অহা
একেখন নৈৰ দুয়ো সেঁতু হৈ
বাকী জীৱন উল্লাসৰে কটোৱাৰ সপোনলৈ ।
কুমলীয়া ওঁঠযুৰিৰে মিঠা হাঁহি মাৰি
ক'ত আছা নীৰৱতাৰে বহি
আহাচোন আকৌ আহা
মোৰ জীৱনৰ চৌদিশে
অন্ধকাৰে নাশ কৰা
বাটবোৰ পোহৰাই দিয়া ।
এইবাৰ দীপাৱলীৰ নিশা
তোমাৰ অনুপস্থিতিত কটাইছোঁ
বিষাদ-বেদনা বুকুত বান্ধি
তোমাৰ স্মৃতিবোৰ হৃদয়ঙ্গম হ'লে
ভগ্ন হৃদয়ৰ জলমলীয়া সপোনবোৰ
বিষাদ হৈ পোখা মেলে ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ