পূজাৰ কাপোৰ-নিবেদিতা কলিতা

©Admin
0
ৰাতিপুৱাই উঠি জুমিয়ে সৰু কাপোৰ এখন বিচাৰি ইফালৰ পৰা সিফাল ঘূৰি ফুৰিবলৈ ধৰিলে ।তাই তেনেকৈ থকা দেখি বাৰাণ্ডাত বহি তামোল কাটি থকা আইতাকে মাত লগালে-

আইতাক-কি হৈছে অ আইজনী ?পুৱাই কি বিচাৰি ফুৰিছ ইমানকৈ ?

আইতাকৰ কথা শুনি জুমিয়ে মাত লগালে।

জুমি-আইতা মই কাপোৰ এখন বিচাৰি আছো ৰ'বা ।তুমি মোক এখন সৰু কাপোৰ আনি দিব পাৰিবা নেকি ?

আইতাক-কি কৰ তই সৰু কাপোৰ ?

জুমি -উফ্ আইতা তুমিও বহুত প্ৰশ্ন কৰি থাকা ।আগতে এখন কাপোৰ আনি দিয়াচোন !

আইতাক-ৰ'হ ৰ'হ দি আছো ।কি কৰ কৰিবি ৰ'হ আনি দিও ।এই পুৱাতেই যদি খেলিবলৈ ধৰ মাৰে দিব কিন্তু তেতিয়া আকৌ মোৰ ওচৰলৈ নাহিবি।

জুমি-তুমি প্ৰথমতে লৈ আহাচোন।

            আইতাকক কাপোৰ আনিবলৈ দি তাই এইবাৰ মাকক চিঞৰিলে ।

জুমি- মা , অ মা !

মাক-কি হ'ল ? মই পাকঘৰত আছো ।
    
          তাই মাকৰ ওচৰলৈ গৈ মাকক ক'লে ।

জুমি -অ' মা মোক সৰু চৰিয়াটো দিয়াচোন ।

মাক -কি কৰিবা তুমি ,এই পুৱাই পুৱাই পানীৰ খেলা খেলিবৰ একো প্ৰয়োজন নাই ।

জুমি -উফ্ মা ! দিয়াছোন মোক কিবা এটা কৰিব লাগে ।

মাক-পাচফালে থোৱা আছে যোৱা ।চাবা কিন্তু খেলিব ধৰিলে মই মাৰিম কিন্তু তোমাক।

 তাই পাচফাললৈ গৈ সৰু চৰিয়াটোত অলপ পানী আনিলে আৰু আইতাকৰ পৰা সৰু কাপোৰ খন লৈ তাই সিহঁতৰ চোতালৰ আগত থকা সৰু কোঠাটোত সোমাল ।সেই কোঠাটো তাইৰ দেউতাকে সৰু কৈ বাহেৰে সাজি লৈছে ।তাইৰ দেউতাকে ফল-মূল বেচি ঘৰখন চোৱা-চিতা কৰে আৰু সকলো ফল-মূল সেই কোঠাত ৰাখে আৰু দিনটোৰ ফলবোৰ যতনাই বজাৰলৈ লৈ যায়। ।পিৰাখনৰ ওপৰত বহি পানীৰ চৰিয়াটোত কাপোৰ খন তিয়াই লৈ তাই এফালৰ পৰা ফল-মূল বোৰ ওপৰত মচি যাবলৈ ধৰিলে।

          মাকে পাকঘৰৰ পৰা ওলাই আহি কোঠাটোৰ দৰ্জাখন অলপ খোলা দেখা পাই বৰ ভয় খালে কিয়নো বহুবাৰ ছাগলী সোমাই বহুত ফল নষ্ট কৰি পেলাইছে ।মাকে ততালিকে ঘৰটোৰ ভিতৰলৈ সোমাই গ'ল।ঘৰটোৰ ভিতৰত জুমিক দেখি মাকে উশাহ ঘূৰাই পোৱাৰ দৰে হ'ল আৰু তাইলৈ চাই ক'লে-

মাক-মাজনী কি কৰিছা ?

জুমি -মা মই ফল বোৰ মচি পৰিস্কাৰ কৰি আছো ।

মাক-কিয় এইবোৰ কৰিছা তুমি ।যোৱা পঢ়া টেবুলত বহাগৈ।
জুমি -ইচ্ কিয় যাম ।কালি দেউতাই কোৱা কথাখিনি তুমি শুনা নাই নেকি ?

মাক-কি কৈছে নো দেউতাই ?

জুমি -কালি মই দেউতাক কৈছিলো পূজালৈ মাত্ৰ এটা দিন আছে মোৰ পূজা চাবৰ বাবে ভাল কাপোৰ নাইয়ে দেখোন সেইকাৰণে মই দেউতাক বজাৰৰ পৰা এটা ফ্ৰক আনিব কৈছিলো ।তেতিয়া দেউতাই কৈছে এই কেইদিন বোলে বিক্ৰী বৰ এটা ভাল নহয় ।বজাৰত বোলে বহুত বেপাৰীয়ে তাজা তাজা বস্তু উলিয়াই আৰু মানুহবোৰে বোলে সেইবোৰ বেপাৰীৰ পৰা বস্তুবোৰ লৈ যায় আৰু সেইবোৰ ফল বজাৰত উলিয়াবলৈও বহুত পইচা লাগে ।তেতিয়া মই দেউতাক ক'লো তাজা ফল মানে কি নো ?  তেতিয়া দেউতাই মোক ক'লে তাজা ফল হ'ল যি বোৰ ফল দেখাত ধূনীয়া ,নিখুত হৈ থাকে সেইবোৰে তাজা ফল ।সেই কাৰণে মই ফল বোৰ মচি আছো যাতে ফলবোৰৰ ওপৰত ধূলিবোৰ আতঁৰি পৰিস্কাৰ হৈ যায় আৰু তেতিয়া মানুহবোৰ আমাৰ ফলবোৰ ধুনীয়া দেখি দেউতাৰ পৰা ল'ব আৰু তাৰে পোৱা পইছাৰে মোলৈ নতুন কাপোৰ আনিব । এ এ এ কি মজা লাগিব ।

তাইৰ কথা শুনি মাকৰ দুচকুৰে চকুলো বৈ আহিল মাকে ক'লে , "এতিয়া তুমি চফা কৰিলেনো কি হ'ব বজাৰত গাড়ী মটৰৰ ধূলি পৰি ফলবোৰ আৰু আগৰ দৰেই হ'ব ।"
 মাকৰ কথা শুনি তাইৰ মনটো সেমেকি গ'ল ।তাই মাকলৈ চাই ক'বলৈ ধৰিলে 

জুমি -মা । মই নতুন ফ্ৰক পিন্ধিবলৈ নাপাম নেকি মা ?

মাক-(তাইক কোঁচলৈ টানি আনি  )নতুন ফ্ৰকৰ লগত কি কথা মাজনী ।আমি যিয়ে সাজ পিন্ধি পূজালৈ নাযাও কিয় তাক একো কথাই নাহে কেৱল আমি পৰিষ্কাৰ মনটোৰে দেৱী মাক সেৱা জনাই আশীৰ্বাদ ল'ব লাগে আৰু যেতিয়া এযোৰ পৰিষ্কাৰ সাজ পিন্ধি শুদ্ধ মনে দেৱীমাক প্ৰাৰ্থনা কৰা হয় তেতিয়া দেৱী মাই বৰ ভাল পায় আৰু আশীৰ্বাদ দিয়ে ।আৰু পৰিষ্কাৰ কাপোৰ মানে নতুন কাপোৰক নবুজায় মাজনী ।এইটো কথা নহয় যে পূজা চাবলৈ এযোৰ নতুন সাজ লাগিবই ।তোমাৰ আগৰ বহুত ফ্ৰক আছে নহয় মই সেইবোৰ ভালকৈ ধুই থৈছো নহয় সেই পিন্ধিয়ে তুমি দেউতাৰ লগত পূজা চাবলৈ যাবা দেই। দেউতাই যেতিয়াই  পইচা পাব তোমাক নতুন ফ্ৰক আনি দিব  দেই।

জুমি-অ' মা হ'ব দিয়া ।মই সেই ফ্ৰক পিন্ধিয়ে পূজা চাবলৈ যাম আৰু দেৱীক ক'ম মোক যেন পঢ়িব পৰা কৰি দিয়ে তেতিয়া মই নিজে ইচ্ছা গ'লে কাপোৰ কিনি আনিব পাৰিম ন মা !

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)