শূন্যতা-আব্দুল কাদেৰ মিঞা

©Admin
1
স্নিগ্ধ পোহৰে এতিয়া আৰু মন চুই নাযায়!
কান্ত শৰীৰত নামি আহে জীৱনৰ যুঁজ
লগত লৈ আহে অজস্ৰ হতাশাৰ যাতনা।
সমস্যাৰ অতল সমুদ্ৰত 
লাহে লাহে ডুবি আছোঁ মই!
চৌপাশে হৈ পৰিছে নিস্তব্ধ মৰুভূমি ।
অসহায় হৃদয়ে চিঞৰি আছে 
হেজাৰ প্ৰশ্নৰ সমাধান বিচাৰি নাপায় ।
ইমান কঠিন কিয় এই জীৱন?
সৰু সৰু আশাৰে ভৰা স্বল্প সময়ত
শেষ হৈ যায় মৃত্যুৰ ওচৰত জীৱন !
ৰাতিৰ অন্ধকাৰত খিৰিকীৰ কাষত
দেখা পাওঁ চিনাকি কাৰোৰ ছাঁ,
শিহৰি উঠে দেহা
ভালদৰে উপলদ্ধি কৰি দেখো 
এয়া কোনো নহয় 
অকল মোহ-মায়া।
নিদ্ৰাৰ পৰা উঠি দেখো নতুন প্ৰভাত
বিচাৰি পাওঁ কেৱল শূন্যতা ।

        ✍️আব্দুল কাদেৰ মিঞা

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. কান্ত শব্দটো ক্লান্ত হ'ব যেন লাগে।

    ReplyDelete
Post a Comment