লুইতৰ কাল বান-আলতাব হুছেইন

©Admin
0
ধাৰাষাৰ বৰষুণৰ ফলত
শান্ত লুইত আজি অশান্ত,
পাহাৰৰ নিজৰাৰে পানী নামি
লুইতৰ বুকু ভৰি
কাল বান হৈ আহিল ;
চৌদিশে কেৱল পানী আৰু পানী ।

ঘৰৰ পিৰালিত আজি
এককাল  পানী 
পানীৰ মাজতে বাজি আছে
কেউদিশে মৃত্যুৰ কিৰিলি ।

চকুৰ পলকতে দেখা পাওঁ
চাৰিওফালে পানী আৰু পানী ,
অনাহাৰে আনিদ্ৰাই থাকোঁ 
তোমাৰ কাল বানত পৰি ।

কাল হৈ আহিলা তুমি
লুইতপৰীয়া কৃষকৰ 
বুকু ভাঙি মোহাৰি 
নিলি যে আশাৰ সপোন 
কৃষকৰ হৃদয়ত 
দুখৰ বোৱতী নৈ‌ বোৱাই ।

মথাউৰি ভাঙি 
পানীৰে প্লাৱিত কৰি 
দুখেৰে সজা সুখৰ ঘৰখনি‌
চকুৰ পচাৰতে
নিলি যে উটুৱাই 
দুখৰ অশ্ৰুৰে সাগৰ বোৱাই ।


            ✍️আলতাব হুছেইন

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)