এটি আশাভৰা সপোন ।
নিয়তিয়ে ছিঙিব নোৱাৰিলে
তাইৰ গভীৰ মনোবল ।।
তাইৰ মনত আছিল সৰুৰে পৰা প্ৰতিজ্ঞা
আকাশখন হাতেৰে চুই চাবলৈ ।
প্ৰত্যেক দিনাই তাইক ঠাট্টা কৰা হ'ল
তথাপিও নাথাকিলে ৰৈ ।।
সৰুতে শিকাইছিল তাইৰ মাকে
কাকো উপকাৰ নকৰিলে নকৰিবা অপকাৰ ।। দেউতাকে শিকাইছিল তাইক
জীৱনত নকৰিবা কেতিয়াও পৰাজয় স্বীকাৰ ।।
তাই সহায় কৰিছিল দেউতাকক খেতিপথাৰত
উপচি পৰিছিল সোণগুটিৰে ভঁৰাল ।
হায় , আহিলে বানপানী ডুবালে পথাৰ
অথলে গ'ল তেওঁলোকৰ কপালৰ ঘাম ।।
তাইৰ হাতখন পৰিছিল ৰঙা
সেয়া নাছিল ৰং জেতুকা পাতৰ ।
কষ্ট কৰি থাকোঁতে থাকোঁতে
পাহৰি গৈছিল তাই নিদ্ৰা-ভাগৰ ।।
তাৰ মাজতে সময় উলিয়াই পঢ়া-শুনা কৰি
কৰিছিল জীৱনৰ এন্ধাৰ হৰণ ।
নিয়তিয়ে ছিঙিব নোৱাৰিলে
প্ৰেৰণাৰ গভীৰ মনোবল ।।
বিজুলী-বাতিহীন ঘিটমিট এন্ধাৰত
দূৰৰ পৰা দেখা যায় চাকিৰ পোহৰ ।
ওচৰলৈ গ'লে দেখা যায় তাইৰ
কিতাপৰ প্ৰতি থকা প্ৰেমৰ লহৰ ।।
হেজাৰ বাধাক নেওচি তাই
উঠিছিল উন্নতিৰ শিখৰত ।
তাৰ বাবে সাহসেৰে বুকু ডাঠ কৰি
খোজকাঢ়িছিল কাঁইটৰ বাটত ।।
প্ৰেৰণাই পাইছিল হেজাৰ বিফলতা
তথাপি কৰিলে আকৌ এবাৰ চেষ্টা ।
এদিন সফলতা আহিল তাইৰ পদূলিমূখলৈ
সুধিলে প্ৰেৰণাৰ ঠিকনা ।।
আজি প্ৰেৰণাৰ মুখত হাঁহি
কিয়নো তাই অনন্যা ।।
প্ৰণাম সাহসী কন্যা ।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ