সহানুভূতি- নিতুমণি দাস

0
ধৰনী কাইটিয়ে চাউল আৰু শাক-পাচলিৰ ভাৰখন কান্ধত লৈ বজাৰলৈ বুলি কেঁকোজেকোকৈ কঢ়িয়াই নিয়া দেখি ৰবি দত্তই চোতালৰ পৰা চিঞৰি মাতিলে 
অ' ধৰণী কাইটি বজাৰলৈ যোৱা! ৰবা মোক অলপ পাচলিৰ প্রয়োজন। 
ৰবি' মাষ্টৰে ৰ'বলৈ কোৱাত হাঁহি এটাৰে সম্ভাষণ জনাই ধৰণী কাইটিয়ে ক'লে, খৰাহি এটা লৈ আহক। মোৰ ওচৰত পাচলি ভৰাই দিবলৈ পলিথিন নাই। 
ধৰণী কাইটিয়ে পাচি ভৰাই অনা নানা তৰহৰ শাক পাচলি দেখি ৰবি' মাষ্টৰৰ মনটো উৎফুল্লীত হৈ পৰিল। তেওঁ মনৰ হেঁপাহেৰে
বিলাহী, বেঙেনা, জলকীয়া, ফুলকবি আৰু লাইশাক, চুকা, পালেং সকলো বিধৰে এক কেজিকৈ দিবলৈ ক'লে। 
  ধৰণী কাইটিয়ে লৈ অহা আনটো পাচিলৈ আঙুলিয়াই সুধিলে--
ঃধৰণী কাইটি সেইয়া কি ধানৰ চাউল? 
  জহা চাউল অলপ আনিছো দহ কেজি আছে মুঠ,ধৰণী কাইটিয়ে ক'লে। 
"কাইটি জহা চাউল খিনি মোকে দিয়া। মই বৰ ভাল পাওঁ জহা চাউলৰ ভাত আৰু পায়স, ৰবি মাষ্টৰে ক'লে"। 
গোটেই খিনি বস্তুৰ মুল্যতকৈ পাঁচশ টকা বেছিকৈ দি ক'লে, "কাইটি পাঁচশ টকাটো জমা থাকক দিয়া । কেতিয়াবা আকৌ ল'ম শাক-পাচলি । তুমি এতিয়া যোৱা ৰ'দ বৰ টান আজি। 
        ইমান বোৰ শাক-পাচলি লোৱা দেখি ঘৈনীয়েক বৰষাই খঙেৰে ক'লে, আগতে অনা পাচলিৰে 
ফ্ৰিজ ভৰি আছে ;আকৌ কিয় কিনিব লাগে এগালমান? মোক সুধিব লাগে, কি আছে কি নাই পাক ঘৰত। ইমান দাম দি কিনা পাচলি বোৰ গেলিপচি গ'লে গাত লাগে। আপোনাৰ কি চখ লাগে নাজানো তিনিটা মানুহৰ বাবে ইমান পাচলি কিনিবলৈ। 
        পত্নীৰ কথাৰ প্ৰত্যুত্তৰ দি ৰবি মাষ্টৰে ক'লে, 
-হেৰা । ধৰণী কাইটি মোৰ পিতৃসম। অসুস্থ বুঢ়া মানুহজনে কেঁকোজেকোকৈ ভাৰখন কান্ধত নিয়া দেখি মনত বৰ কষ্ট লাগিল । সেয়ে ভাবিলো অলপ পাচলি কিনিল'লে ভাৰখন পাতল হ'ব , তেওঁৰো কষ্ট কম হ'ব। বজাৰলৈ জানো কমখন বাট! অত বাট বুঢ়া মানুহজনে কান্ধত ইমান গধুৰ ভাৰখন লৈ গৈ কম কষ্ট পাবনে? 
           হেৰা' তুমি বৰ মন বেয়া কৰি থাকা নহ'য় আমাৰ ল'ৰা নাই বুলি! চোৱা ধৰণী কাইটিৰ দুটাকৈ পুত্র থকাৰ পিছতো পিতৃ-মাতৃক চোৱা-চিতা নকৰে। সকলো নিজৰ সংসাৰ লৈ ব্যস্ত। এনে অসুস্থ দেহাৰে এই বৃদ্ধ বয়সত পেটৰ তাড়ানাত ইমান কঠিন পৰিশ্রম কৰিছে , দুটাকৈ পুত্র সন্তান জন্ম দিও। গতিকে পুত্র হওক বা কন্যা , সৎ আৰু সংস্কাৰি নহ'লে পিতৃ -মাত়য়ে আদৰ, সন্মান নাপায় বৰঞ্চ পিতৃয়ে বৰ মনোকষ্ট পায় পুত্রৰ মৰম আৰু সন্মানৰ পৰা উপেক্ষিত হৈ। 
     গতিকে আজিৰ পৰা যুক্তিহীন কথা চিন্তা কৰি মন বেয়া নক'ৰিবা। আমাৰ ল'ৰা সন্তান নাই বুলি ! 
 সন্তান পুত্র নে কন্যা সেইয়া বিভেদ সৃষ্টি কৰাতকৈ সন্তানটিক সংস্কাৰ দি সচাঁ মানুহ ৰূপে গঢ় দিয়াতোহে গুৰুত্ব পূর্ণ বিষয় পিতৃ-মাতৃৰ বুজিছা। সৎ আৰু সংস্কাৰি হ'লে পুত্র হওক বা কন্যা হওক নিশ্চয়ই পিতৃ-মাতৃক সন্মান প্রদর্শন কৰিব সুখ আৰু শান্তি দিব। 


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)