এজাক প্ৰিয় বৰষুণ-নয়না নাথ

©Admin
0
মনৰ গভীৰতাত হেৰাই যায় ৰ'দালি
গোমা হয় নীলাৱৰণ  আকাশ 
শেৱালীৰ সুৱাস কঢ়িয়াই সমীৰণে
হৃদয়লৈ বৈ আহে ঠিকনাহীন
 এজাক প্ৰিয় বৰষুণ !  

সজীৱ হয় মন পদূলিৰ শেঁতা দুৱৰি  
উভতি উৰে মনৰ পখী
সাৰ পায় অভিমানী আলসুৱা এজাক সপোন  । 
কলিজাৰ আগলি কলপাত কঁপি উঠে 
পৰিচয়বিহীন অজানাৰ আগমনত
শিঁহৰিত অনুভৱী হৃদয়ে  মাথো কয় 
প্ৰিয়তম ................
এজাক প্ৰিয় বৰষুণ ।


             
✍️লেখিকা- নয়না নাথ , লাউজন, দৰং

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)