অভিমান -আব্দুল কাদেৰ মিঞা

©Admin
0
সিদিনা আছিল বসন্ত
বুকুত ভালপোৱা আছিল  অফুৰন্ত
আনিলো ফুল গোলাপ,কদম, কৃষ্ণচূড়া
লিখিলোঁ গান, কবিতা আৰু ভালপোৱাৰ  ছন্দ ।
তথাপি তুমি নাহিলা !
ভালপোৱা নিদিলা ! 
আজি তুমি শুনি লোৱা
ভালপোৱা লোৱা!
একো নিবিচাৰোঁ মই তোমাৰ পৰা
হাঁহি মুখে কষ্ট দিলা তুমি
জানো  উভতি আহিবা 
মৃত্যুৰ আগে-পিছে হয়তো কোনোবা এদিন !
যেতিয়া উভতি আহিবা তুমি
কোনো  শাওণ মাহে
হয়তো মোক নহয়
স্মৃতি বিলাক থাকিব কাষে! 

   

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)