LGBTQ+ কমিউনিটিৰ মানুহবোৰৰ আত্মহত্যা,একাকিত্ব আৰু ডিপ্ৰেশনৰ ৰহস্য- আব্দুল কাদেৰ মিঞা

©Admin
0
অসংখ্য গৱেষণাত পোৱা গৈছে যে সমকামী, উভকামী, ট্ৰান্সজেন্দ্ৰাৰ (LGBTQ+) মানুহৰ মাজত আত্মহত্যাৰ চেষ্টা আৰু আত্মহত্যাৰ ধাৰণা সাধাৰণ মানুহৰ তুলনাত উল্লেখযোগ্য ভাবে বেছি।
চুইচাইড প্ৰিভেন্সন ৰিচাৰ্ছ চেন্টাৰে এইবিলাক অধ্যয়ন সংশ্লেষিত কৰি অনুমান কৰিছে যে বয়স আৰু লিঙ্গৰ ওপৰত নিৰ্ভৰ কৰি ৫ পৰা ১০% এলজিবিটি মানুহে আত্মহত্যাৰ চেষ্টা কৰিছে,যি বিষমকামী মানুহৰ তুলনাত ১.৫৩ গুণ বেছি।
১৯৮৯ চনত প্ৰকাশিত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ চৰকাৰে এখন গৱেষণা পত্ৰ 'ৰিপোৰ্ট অফ দ্য চেক্ৰেটাৰি'স টাস্ক ফোৰ্স অন ইয়ুৰ চুইচাইড' শিৰোনামাত দেখা গৈছে যে এলজিবিটি যুৱকৰ আত্মহত্যাৰ চেষ্টা কৰাৰ সম্ভাৱনা অন্যান্য তৰুণৰ তুলনাত চাৰিগুণ বেছি। গোটেই বিশ্বতে প্ৰতি বছৰ ১ লক্ষ্য ৩৪ হাজাৰৰ অধিক সমকামীয়ে আত্মহত্যা কৰে।য'ত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সংখ্যা ৩৪ হাজাৰতকৈ বেছি। ইয়াত ১৫ পৰা ২৮ বছৰ বয়সীয়া মানুহৰ মাজত মৃত্যুৰ তৃতীয় প্ৰধান কাৰণ হিচাপে ধৰা হয়। 
আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ "প্ৰথম আলো" সংবাদপত্ৰৰ তথ্য মতে মহামাৰী কৰোনাকালীন সময়ৰ পৰা বিগত এক বছৰ (অৰ্থাৎ ২০২০ চনৰ ৮ মাৰ্চ লৈ ২০২১ চনৰ ২৮ ফেব্ৰুৱাৰী পৰ্যন্ত) গোটেই বাংলাদেশত ১৪.০০০/ হাজাৰৰ অধিক মানুহে আত্মহত্যা কৰিছে।য'ত ৫-১৯ বছৰ বয়সীয়াৰ সংখ্যা ৩৫ শতাংশ,২০-৩৫ বছৰ বয়সীয়াৰ সংখ্যা ৪৯ শতাংশ,(যত যুৱকৰ সংখ্যা বেছি)
৩৫-৪৬ বছৰ বয়সীয়াৰ সংখ্যা ১১শতাংশ, ৪৬-৮০ বছৰ বয়সীয়াৰ সংখ্যা ৫ শতাংশ আৰু প্ৰতি দিনে ইয়াৰ সংখ্যা বৃদ্ধি হৈয়ে আছে।বাংলাদেশত সমকামী সকলৰ আত্মহত্যাৰ বেলেগ ভাৱে কোনো সমীক্ষা কৰা নাই। যদি সঠিক ভাৱে ইয়াৰ নিৰীক্ষণ কৰিলোহেঁতেন ইয়াত ৪০-৬০ শতাংশই হ'ব পাৰে কোনো সমকামী বা উভকামী ব্যক্তি।গোটেই পৃথিৱীতে প্ৰতি বছৰ প্ৰায় ৮.০০.০০০ লক্ষ্য মানুহে আত্মহত্যাৰ পথ বাচি লয় য'ত ভাৰতীয় মানুহৰ সংখ্যা প্ৰায় - ১.৩৬.০০০/ হাজাৰ।
ভাৰতৰ জাতীয় ক্ৰাইম ব্যুৰো পৰিসংখ্যাৰ মতে ২০১৪ চনত প্ৰতি ঘণ্টাই ভাৰতৰ আত্মহত্যাৰ সংখ্যা আছিল ১৫ জন এই সংখ্যা ক্ৰমেই বৃদ্ধি হ'ব ধৰিছে।গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ মানসিক ৰোগ বিভাগৰ অধ্যাপক ডা: সুৰেশ চক্ৰৱৰ্তীয়ে ৰাজহুৱা বক্তৃতানুষ্ঠানৰ ভাষনত কয় - ভাৰতত প্ৰতি আধা ঘণ্টাত এজন কিশোৰে আত্মহত্যাৰ চেষ্টা চলায়।ইয়াত যদি সমকামী বিলাকৰ আত্মহত্যাক বেলেগ ভাৱে সমীক্ষা কৰা হয় তেতিয়া হ'লে দেখিবলৈ পোৱা যাব ২০-৩০ ভাগ ব্যক্তি সমকামী আছিল।পূৰ্বৰ কেইবাশতিকা জুৰি সমকামিতাক মনোবিজ্ঞানৰ এক স্বতন্ত্ৰ দশা হিচাপে গৱেষণা কৰা হৈ আহিছে।
বিংশ শতিকালৈ চিকিৎসা মনোবিজ্ঞান,আচৰণ বিজ্ঞান আৰু সামাজিক বিজ্ঞানৰ বহু অভিজ্ঞ বিশেষজ্ঞই সমকামীতাক মানসিক অসুস্থতা হিচাপে গণ্য কৰিছিল।১৯৭০ চনৰ পিছৰ পৰা বিশ্বজুৰি বহু স্বাস্থ্য আৰু মানসিক স্বাস্থ্য বিশেষজ্ঞ আৰু আচৰণগত সকলে সমকামীতাক মানৱ অভিমুখীতাৰ এটি স্বাভাৱিক আৰু সুস্থ প্ৰকাৰ হিচাপে দেখুৱাই যদিও কিছু বিশেষজ্ঞই ইয়াক অসুস্থ হিচাপে বহাল ৰাখে।বৈজ্ঞানিক গৱেষণাৰ ফলস্বৰূপে আমেৰিকা মনোৰোগ সংস্থাই ১৯৭৩ চনত মানসিক ৰোগৰ নিৰ্ণায়ক আৰু পৰিসাংখ্যিক হাত পুথিৰ তৃতীয় সংস্কৰণৰ পৰা সমকামীতাক আঁতৰাই দিয়ে।১৯৭৩ চনত সমকামী অধিকাৰ সংগঠন সমূহৰ ব্যাপক হেঁচাৰ ফলশ্ৰুতিত আমেৰিকান মনোচিকিৎসক সমিতিৰ প্ৰতিনিধি কাউন্সিল ১৯৯৫ চনত আৰু ইয়াৰ পিছত অন্যান্য সংস্থা সমূহে এই নতুন সংজ্ঞা অনুসৰণ আৰম্ভ কৰে। বিশ্ব স্বাস্থ্য সংস্থাই ১৯৯০ চনত ৪৩ তম বিশ্ব স্বাস্থ্য সমাৰোহৰ সমৰ্থনত সমকামীতাক সুস্থ বুলি ব্যক্ত কৰে। ইপিনে ২০১৮ চনত ভাৰত চৰকাৰে সমকামীতাক বৈধ বুলি স্বীকৃতি দিয়াৰ পিছতো কিন্তু আত্মহত্যাৰ প্ৰৱণতা কম হোৱাৰ বিপৰীতে বৃদ্ধি হৈ আছে ,কিন্তু কিয় ঘটিছে এনেকুৱা ঘটনা ?কি ৰহস্য লুকাই আছে এনে আত্মহত্যাৰ আঁৰত ?কিয় এওঁলোক এনে পৈশাচিক ভাৱে শেষ কৰি দিছে নিজৰ জীৱন ? কিছু সংখ্যক সমকামী যুৱকৰ ডিপ্ৰেশনৰ কাৰণ পৰিয়ালৰ পৰা আৰম্ভ হয়, ছোৱালী সুলভ স্বভাৱৰ বাবে ঘৰৰ মানুহে বহু তুচ্ছ-তাচিল্ল্য কথাৰে মানসিক ভাৱে কষ্ট দি থাকে,এই ক্ষেত্ৰত মাতৃয়ে সন্তানৰ সকলো কষ্ট অনুভৱ কৰিব পাৰে যদিও দেউতাকৰ ক্ষেত্ৰত এয়া মানি লোৱা সম্ভৱ নহয়,যাৰ ফলত দেউতাৰ ৰঙা চকু আৰু কঠোৰ নিৰ্দেশ মানি নিজৰ ব্যক্তিগত অনুভূতিক আঘাত দিয়া হয়।দিনে দিনে বৃদ্ধি হৈ অহা পৰিয়ালৰ এনে মানসিক যন্ত্রণাৰ ফলত এদিন আত্মহত্যাৰ পথ বাচি লবলৈ চেষ্টা চলায় আৰু ইয়াৰ বাবে দায়ী সেই জন সমকামী পুৰুষ নহয় তেওঁৰ পৰিয়াল বৰ্গহে।এজন সমকামী মানুহৰ চিন্তাধাৰা সাধাৰণ মানুহতকৈ বেলেগ, সমকামী পুৰুষে নিজৰ অনুভূতি সহজে  
কাৰো ওচৰত প্ৰকাশ কৰিব নোৱাৰে।এই ক্ষেত্ৰত বহুতো সমস্যাৰ সৃষ্টি হয় তেতিয়া বাস্তৱ জীৱনৰ লগত মিলাবলৈ অক্ষম হয় আৰু সমাজ, পৰিয়াল , বন্ধু-বান্ধবীৰ কথা ভাৱি নিজৰ প্ৰতি ঘৃণাৰ ভাৱ জন্ম হৈ নিজকে শেষ কৰিব বিচাৰে।বয়স বাঢ়ি অহাৰ লগে লগে সমলিঙ্গৰ মানুহৰ প্ৰতি আকৃষ্ট হৈ কাৰোবাৰ লগত বন্ধুত্বৰ সম্পৰ্ক গঢ়িবলৈ চেষ্টা চলায় আৰু লাহে লাহে কোনো এজনৰ লগত নিজৰ অনুভূতি প্ৰকাশ কৰি এজনে আন জনৰ প্ৰতি মুগ্ধ হৈ নতুন জীৱনৰ আৰম্ভনি কৰিব বিচাৰে আৰু তেতিয়াই এনে সম্পৰ্ক সমাজৰ আগত লজ্জাজনক আৰু স্বীকৃতি নিদিয়াৰ ভয়ত কোনো এজনে সম্পৰ্ক বিচ্ছেদ কৰি দিয়ে, তেতিয়া এনে সম্পৰ্কৰ কষ্ট পাহৰিব নোৱাৰি কিছু সমকামী মানুহে ডিপ্ৰেশনত ভুগি আত্মহত্যাৰ চেষ্টা চলায়। দুজন সমকামী পুৰুষৰ সম্পৰ্ক যেতিয়া সমাজে বুজি পায় তেতিয়া তেওঁলোকক সমালোচনাৰ পাত্ৰ সজাই বিভিন্ন তুচ্ছ তাছিল্ল্য কৰা দেখা যায়, ইয়াৰ ফলত সৃষ্টি হোৱা কষ্ট ইমানে ভয়ানক হৈ পৰে কেতিয়াবা এজন সমকামী পুৰুষৰ কাপোৰ খুলি আইডিনটিফাই কৰিব বিচাৰে , ইয়াৰ ফলত বহু সমকামী মানুহৰ বাস্তৱ জীৱন কঠিন হৈ পৰে আৰু বিভিন্ন সমস্যাৰ সম্মুখীন হৈ একাকিত্বৰ আশ্ৰয় লৈ নিজকে মৃত্যুৰ মুখলৈ ঠেলি দিয়ে।
প্ৰকাশ ডেকাৰ পৰিচালনা জোনাকী পৰুৱা সমকামী ছবিখনৰ দ্বাৰা সমকামী মানুহৰ জীৱনৰ বহু কথা জানিব পাৰি ।সমকামী মানুহৰ আত্মহত্যাৰ প্ৰৱণতা ৰোধ আৰু এই সম্পৰ্কীয় সচেতনতা সৃষ্টিৰ বাবে বৈশ্বিক এটি সংস্থাৰ লগতে আঞ্চলিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত বহুমুখী কৰ্মসূচী গ্ৰহণ আৰু আত্মহত্যাৰ ঘটনাসমূহ ফলপ্ৰসূভাৱে প্ৰতিৰোধ কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা উচিত।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)