৩০ অক্টোবৰ-সীতা দেৱী

Rinku Rajowar
0
গতানুগতিক জীৱন যাত্ৰা ,
ভাতৃ দ্বিতীয়াৰ আয়োজন ,
ব্যস্ত জনসাধাৰণ 
নিজ নিজ কৰ্মত
পলকতে বিকট শব্দ ,
ধোঁৱা চৌদিশে 
হুৱাদুৱা...
গণেশগুৰি , কোকৰাঝাৰ আৰু 
বৰপেটা ৰোডত মৃত্যুৰ কিৰিলি , 
কান্দোনৰ ৰোল
যন্ত্ৰণাৰ বিকট চিঞৰ 
দৌৰা-দৌৰি...
অসমবাসীৰ বাবে এটা ক'লা দিন
নিৰীহ জনতাৰ ওপৰত 
মানৱ ৰূপী দানৱৰ তাণ্ডৱ ।
অভিশপ্ত ৩০ অক্টোবৰ ২০০৮
স্মৃতিৰ মানসপটত
এতিয়াও সজীৱ নিষ্ঠুৰতাৰ স্থিৰ চিত্ৰ ।
বোমা বিস্ফোৰণ এটাৰ পিছত আনটো...
মানৱতাৰ চৰম স্খলন ।
আজিও কৰুণ বিননি
মোৰ আইৰ বুকুত ।
উমি উমি জ্বলিছে
দানৱৰ ধ্বংস লীলাৰ ,
তেজৰ ফাকু খেলাৰ হৃদয়স্পৰ্শী দৃশ্য
অভিশপ্ত ৩০ অক্টোবৰ ২০০৮


✍️সীতা দেৱী 
বিহপুৰীয়া , লখিমপুৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)