আনন্দ-নীল প্ৰজাপতি

Rinku Rajowar
0
পুৱাই ফটকাৰ শব্দত কণটিলৌ শোৱাপাটীৰ পৰা জপিয়াই উঠাদি উঠিল। কালি গধূলিৰ দ্বীপাৱলীৰ আনন্দ যেন মাৰ যোৱাই নাই। সেই ভাৱতেই মূৰ খজুৱাই পেন্টটো টানি খুলি পেলালে। যোৱা বছৰৰ স্কুলৰ পৰা পোৱা আধাফলা সৰু পেন্টটো পিন্ধি তাৰ ওপৰত খুলি থোৱা পেন্টটো পুনৰাই পিন্ধি ল'লে। যেন কিছু জাৰ বেছিকৈয়ে তাৰ গাত লাগিছিল। কিন্তু খালি ভৰিৰে সি বাহিৰলৈ ওলায় আহি গম ল'লে যে মনায়ে সেই ফটকা ফুটাইছে নে নাই। তাৰ বুকুখন চিৰিংকৈ উঠিল। যদি মনাই তাতকৈ সোনকালে উঠিছেই ? তেনেহ’লে সৰ্বনাশ। খৰখেদাকৈ সি পুৱাৰ বাটফুৰিবলৈ ওলাই আহিল। পদূলিয়ে পদূলিয়ে আগবাঢ়ি গৈ সি যিমান পাৰে সিমানে সাৱধান হৈ আধাজ্বলা ফটকাবোৰ আধাছিঙি যোৱা পেন্টৰ পকেটতে সাৱধানে ভৰাই গৈ থাকিল। নিতুহঁতৰ পদুলি পাই তাৰ মন ভৰি উঠিল। আটাইতকৈ বেছি সিহঁতৰ পদুলিতে পালে। সিটো চুবুৰীলৈ যাবলৈ লাজ লাগে। সেয়ে দুটামান চেঙেলীমাছৰ জাপ মাৰি কেঁকুৰিটোৰে পথাৰলৈ যোৱা বাটেৰে আগবাঢ়িল। খালীভৰিকেইখন সি ৰাস্তাৰ দুৱৰিৰ নিয়ৰ সানি কিছু কঁপি উঠিল। বেছ ঠাণ্ডা, বৰফৰ দৰে চেঁচা। এইবাৰ সি কজলা-হালধীয়া ৰঙৰ ধানৰ ঠোকবোৰত লাগিথকা নিয়ৰবোৰ হাতেৰে মুঠা মাৰি তাৰ চেচাঁখিনি অনুভৱ কৰিব চেষ্টা কৰিলে। ৰাস্তাটোৰ দুয়োফালে মাথোঁ ধাননি পথাৰ। কুঁৱলীৰ বগা আঁচলখনে যেন ধাননিখিনিক জাৰে কোঙা কৰাত বাধা দিবলৈ যত্নপৰ হৈ পৰি ৰৈছে ধাননিডৰাৰ ওপৰত। কাষৰ কচুৱনিডৰাৰ কেইটামান পাতত জমা হোৱা পানী ভৰিখনেৰে গোৰ মাৰি ভৰিকেইখন ধোৱাৰ এটা চেষ্টা কৰা দেখা গ'ল তাক । মুখত কোনো গানৰ কলি এটি গুণগুণাই ঘৰ পায়েই মামৰে ধৰা টাটাটিঙৰ এছোৱাত নিয়ৰত সেমেকা ফটকাবোৰ মেলি ছগলীঘৰটোৰ ওপৰত উঠাই থৈ আহি এটা দীঘল স্বস্তিৰ নিশ্বাস এৰিলে।

ক'ৰণা মহামাৰীৰ কিছু সকাহ পায় খোলা বিদ্যালয়ত আনদিনাৰ দৰে কণটিলৌক দেখা গ'ল। সিদিনা তাৰ মুখত পৰিস্কাৰ হৈ উজলি উঠিছিল আনন্দৰ সেই অজানা ৰেখাডাল। যিডাল যোৱাকালিৰ গধূলিটোত ক'ৰবাত হেৰাই গৈছিল। যেতিয়া সি সমনীয়াৰ হাতত পলিথিনৰ মোনাবোৰত জিকমিকাই থকা কেইবাটাকৈ ফটকাৰ, জকমক বোমা, চকৰী, কলগছ আৰু ফুলজাৰীৰ ৰঙীণ পেকেটবোৰ দেখিছিল। তেতিয়া তাৰ হাতৰ মুঠিত সেমেকি উঠিছিল মুঠা মাৰি লোৱা এটা ফুলজাৰীৰ ১০ টকীয়া পেকেট। দুডালমান জ্বলি আধাতে নুমাই গৈছিল।

         স্কুলছুটীৰ পাছত সমনীয়াৰ সৈতে ওলায় আহি কণটিলৌয়ে সগৌৰৱেৰে ঘোষণা কৰিছিল সন্ধিয়া যাতে সকলোৱে তাৰ ঘৰলৈ এপাক আহে। কিয়নো সি বহুতো ফটকা ফুটাব। আনবোৰতকৈ চাৰিগুণ বেছি। সমনীয়াৰ চকুত চকু ফুৰাই সি অনুভৱ কৰিছিল সিহঁতৰ চকুবোৰ বহল হৈ পৰিছে। তাৰ চকুৱে মুখে বিয়পি পৰিছিল তেতিয়া অচিনাকী আনন্দৰ এটি মিঠা কোমল হাঁহি।


▪️নীল প্ৰজাপতি
জাগীৰোড।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)