১ নৱেম্বৰ-ইতিহাসত আজিৰ দিনটো

Rinku Rajowar
0
১ নৱেম্বৰ (ইংৰাজী: 1 November) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩০৫তম (অধিবৰ্ষত ৩০৬তম) দিন। বছৰ শেষ হ'বলৈ ৬০ দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

✳️আজি বিশ্ব বিশুদ্ধ নিৰামিষভোজী (ভেগান) দিৱস।
✳️১৮৫৮ চনৰ আজিৰ দিনটোতে ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ সামৰণি। সমগ্ৰ ভাৰতৰ শাসন ইংলেণ্ডৰ ৰাণী হস্তগত। ভাৰত আনুষ্ঠানিক ভাৱে ইংৰাজৰ অধীন হয়।
✳️১৮৮১ চনৰ আজিৰ দিনটোতে ভাৰতৰ কলকাতাত প্ৰথমবাৰৰ বাবে ঘোঁৰাই টনা ট্ৰামৰ প্ৰচলন হয়।
✳️১৯৫৬ চনৰ আজিৰ দিনটোতে ত্ৰিপুৰা আৰু দিল্লীক কেন্দ্ৰীয় শাসিত অঞ্চল ৰূপে ঘোষণা। ৰাজ্য পুনৰ্গঠন আয়োগৰ অনুমোদন অনুসৰি নতুন অন্ধ্ৰ প্ৰদেশ গঠিত হয় আৰু হায়দৰাবাদ ইয়াৰ ৰাজধানী হয়।
✳️১৯৬৬ চনৰ আজিৰ দিনটোতে পঞ্জাব দ্বিখণ্ডিত হৈ দুখন স্বতন্ত্ৰ ৰাজ্য পঞ্জাব আৰু হাৰিয়ানা গঠন হয়। উভয়ৰে ৰাজধানী হয় চণ্ডীগড়।
✳️১৯৭৩ চনৰ আজিৰ দিনটোতে মহীশূৰ ৰাজ্যৰ নাম সলনি কৰি নতুন নাম কৰ্ণাটক কৰা হয়। লাক্ষাদ্বীপ, মিনিকয় আৰু আমিন ডিভিক একেলগে লাক্ষাদ্বীপ কৰি কেন্দ্ৰীয় শাসিত অঞ্চলৰ মৰ্যাদা প্ৰদান কৰা হয়।
✳️১৯৯৮ চনৰ আজিৰ দিনটোতে গুৱাহাটীৰ খানাপাৰাত গেছ টেংকাৰ বিস্ফোৰণত ১১ জন লোকৰ মৃত্যু হয় , বিস্তৰ ক্ষয় ক্ষতি হয়।
✳️২০০০ চনৰ আজিৰ দিনটোতে মধ্য প্ৰদেশৰ প্ৰায় এক তৃতীয়াংশ অঞ্চল সামৰি ছত্তীছগঢ় ৰাজ্য গঠন কৰা হয়।
✳️২০০০ চনৰ আজিৰ দিনটোতে হৰেকৃষ্ণ ডেকাৰ অসম আৰক্ষীৰ সঞ্চালক ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে।
✳️২০০২ চনৰ আজিৰ দিনটোতে এছ পি ভাৰুচাৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে। তেওঁ এই পদত ২০০২ চনৰ ৫ মে'ই লৈকে কাৰ্যনিবাহ কৰে।
✳️১৯৭৩ চনৰ আজিৰ দিনটোতে ঐশ্বৰ্যা ৰায় বচ্চনৰ জন্ম, ভাৰতীয় অভিনেত্ৰী।
✳️১৯৩৮ চনৰ আজিৰ দিনটোতে মধুৰাম বড়োৰ জন্ম , অসমৰ বিশিষ্ট সাহিত্যিক, সম্পাদক তথা শিক্ষাবিদ। তেওঁ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত ভাষা বিজ্ঞানৰ প্ৰথম স্নাতকোত্তৰ।



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)