এচাঁহি মৰম নেপাই -নিতুমণি দাস

Rinku Rajowar
0
নাঙলৰ সীৰলুৱে 
নদীৰ পলসেৰে
সেউজীয়া উশাহেৰেইতো
মনুষ্যৰ জীৱন গাঁথা। 
মনত পেলাই কোনে প্রকৃতিয়েই যে মানৱ দেহা! 

মৰম এচাঁহি  নেপাই
নৈ খনে আত্মহত্যা কৰিছে 
আৱৰ্জনাত নৈ খনৰ
মৃতদেহ পোটখাই পৰিছে। 

এৰা! নৈ খনৰ শৱ টো গেলিপচি যাওঁক
কাৰনো গৰজ পৰিছে ! 
স্বচ্ছ ভাৰত অভিযানৰ  জয় গান গাই যাম
ভাটো চৰাই হৈ। 

ভোগীৰ ভোগৰ তাণ্ডৱত, 
পাহাৰ , অৰণ্যই বুকু ঠেকেচি 
আস্ফালন কৰে
চকুলোৰ  বৰডুবিত 
ডুব যায় অগণন পশু পক্ষী। 

চাৰিওফালে কেৱল  ক্ষমতাশালী বলীৰ নৃত্য। 
সভ্যতাৰ অপমৃত্যু
ধৰ্মও ভষ্মীভূত
কংকাল স্বৰূপ পৃথিৱীৰ অৱশিষ্ট
বুকুৰ তীব্র বিষ কোনে বুজে
কোনে শুনে ধৰিত্রীৰ কান্দোন ! 

▪️নিতুমণি দাস 
ঢকুৱাখনা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)