মৰম হৈ উপজিছিলা,
পুলক ভৰা
প্ৰাঞ্জল এজুৰি নয়ন তোমাৰ।
ছদ্মনাম লোৱা নাছিলা
নিজম পৰা নিশা,
নিদ্ৰাৰ কোমল কোলাত
শুইছিলা দুঃস্বপ্ন নুবুজাকৈ।
মলয়া বতাহে চুঁই যোৱা মন
পুৱাৰ কিৰণত,
কোমল শব্দৰ কল কলনিত
জুৰ পৰিছিল হৃদয়।
পৱিত্ৰতাৰে ভৰি পৰিছিল
আশাৰ স্বপ্ন,
তুমি সপোন প্ৰথম পুৱাৰ
তুমি শব্দ হৈ আহিছিলা এদিন।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ