মই বাণিজ্য- হাফিজুল খান

©Admin
0
মই বাণিজ্য
মোৰ কোনো স্থান নাই,
যতে ৰাতি তাতে কাতি
মাটি মোৰ প্ৰাণৰ ভেঁটি।
ঘুৰি ফুৰিছোঁ ধৰণীত 
সাজিছোঁ সৌন্দৰ্যৰ মেলা,
কণ কণ মইনাই কিনিছে
কত গাড়ী আৰু পুতুলা।


উৎফুল্লিত হৈ নাচিছে 
কণ কণ মইনাৰ প্ৰতিভা ভাঁহিছে,
সাজিছোঁ ৰঙা নীলা বাণিজ্য মেলা
গানৰ ৰজা আহিছে জুবিন দা
নাচিছে মানুহ, আনন্দৰ মেলা।


মিলাপ্ৰীতিৰে গঢ়িছোঁ মেলা
সকলো জাতিয়ে সাৱটিছে 
গ্ৰন্থ আৰু বাণিজ্য মেলা
এইবাৰ আহিলোঁ বৰপেটা, কয়াকুছিত
বাটৰ ধূলিয়ে আদৰিছে
মানুহে মৰমৰে সাৱটি লৈছে।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)